ETV Bharat / state

বিছনাতেই দিন কটাইছে ৰঙিয়াৰ মুক্তি যুজাঁৰু কৃষ্ণ লহকৰে

author img

By

Published : Jul 4, 2021, 4:26 PM IST

মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত‍্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে ৷ অসুস্থ হৈ আছে ৰঙিয়াৰ প্ৰবীণ মুক্তি যুঁজাৰু গৰাকী । ছমাহৰ পৰা শয‍্যাশায়ী কৃষ্ণ লহকৰ। মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত‍্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে। লগতে আছে তেওঁৰ অসুস্থ পত্নী।

freedom-fighter-krishnna-lahkars-health-conditions-deteriorates
বিছনাতেই দিন কটাইছে ৰঙিয়াৰ মুক্তি যুজাঁৰু কৃষ্ণ লহকৰে

ৰঙিয়া , 4 জুলাই: মহাত্মা গান্ধীৰ আদৰ্শ মানি চলা এজন ব্যক্তি ৷ বৃটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনত জপিয়াই পৰিছিল তেওঁ ৷ কিন্তু অসুস্থতাৰ বাবে এতিয়া বিছনাতেই দিন কটাইছে মুক্তি যুঁজাৰু গৰাকীয়ে ৷

অসুস্থ হৈ আছে ৰঙিয়াৰ প্ৰবীণ মুক্তি যুঁজাৰু কৃষ্ণ লহকৰ । বিগত 6 মাহে শয্যাশায়ী হৈ আছে কৃষ্ণ লহকৰ । মহাত্মা গান্ধীৰ আদৰ্শ মানি বৃটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনত জপিয়াই পৰা ৰঙিয়াৰ মুক্তি যুঁজাৰু কৃষ্ণ লহকৰে এতিয়া বিছনাতেই দিন কটাইছে । লগত আছে তেওঁৰ অসুস্থ পত্নী।

দেশক বৃটিছৰ ৰাজত্বৰ পৰা মুক্ত কৰাত অৰিহণা যোগোৱা এই গৰাকী মুক্তি যুঁজাৰুৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ।

পেঞ্চনৰ সামান্য পইচাৰে কোনোমতে চলা দুয়োগৰাকী বৃদ্ধ স্বামী-স্ত্ৰীৰ এতিয়া চিকিৎসাৰ নামত সাঁচি ৰখা ধন শেষ হৈ আহিছে । ইতিমধ্যে গাঁৱৰ পূৰ্বপুৰুষৰ মাটিও বিক্ৰী কৰিছে মুক্তি যুজাৰু গৰাকীয়ে । একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া অকলশৰীয়া হৈ পৰিছে এইহাল বৃদ্ধ দম্পতী । বৃটিছৰ বিৰুদ্ধে ৰে’ল বগৰোৱাত সহায় কৰা কৃষ্ণ লহকৰে এতিয়া জীৱনৰ বিয়লি বেলাত অকলেই ৰোগৰ সৈতে যুজঁ দি আছে ।

ৰাষ্ট্ৰপতিৰ হাতেৰে সন্মান গ্ৰহণ কৰা ব্যক্তি গৰাকীক ফোন কৰিয়েই দায়িত্ব সামৰিছে কেইগৰাকীমান বিষয়াই । এতিয়া প্ৰশ্ন হয় দেশৰ স্বাধীনতাৰ বাবে যথেষ্ঠ ত্যাগ কৰা কৃষ্ণ লহকৰৰ খবৰ লবলৈ কাৰো সময় নহ’বই নেকি ?

লগতে পঢ়ক:আৰক্ষীক দাৰে ঘপিয়াই পলাই গ’ল বাবুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.