ETV Bharat / state

ৰঙিয়াত প্ৰৱঞ্চক আটক - Ayushman Bharat

প্ৰৱঞ্চকজনে দীৰ্ঘদিন ধৰি ৰঙিয়াৰ ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয় স্বস্তি হস্পিটেলত (Swasti Hospitel Rangia) ৰোগীৰ নামত আয়ুষ্মান ভাৰত আৰু অটল অমৃত কাৰ্ড বনাই দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি আহিছিল ।

rangia
rangia
author img

By

Published : Sep 30, 2022, 1:55 PM IST

ৰঙিয়া, ৩০ ছেপ্টেম্বৰ : ৰঙিয়াত আটক প্ৰৱঞ্চক (Fraudster arrested in Rangia) । আয়ুষ্মান ভাৰত (Ayushman Bharat) আৰু অটল অমৃত (Atal Amrit Yojana) কাৰ্ড বনোৱাৰ নামত ৰাইজক প্ৰৱঞ্চনা কৰা যুৱকক ৰঙিয়াৰ এখন ব‍্যক্তিগত হস্পিটেলৰ পৰা আটক কৰা হয় । ধৃত প্ৰৱঞ্চকজন হৈছে নলবাৰীৰ নিজ পকোৱা গাঁৱৰ ৰঞ্জন দত্ত ।

উক্ত প্ৰৱঞ্চকজনে দীৰ্ঘদিন ধৰি ৰঙিয়াৰ ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয় স্বস্তি হস্পিটেলত (Swasti Hospitel Rangia) ৰোগীৰ নামত আয়ুষ্মান ভাৰত আৰু অটল অমৃত কাৰ্ড বনাই দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি আহিছিল । এই সন্দৰ্ভত একাংশ ৰোগীৰ আত্মীয়ই হস্পিটেল কৰ্তৃপক্ষক অভিযোগ দিয়ে ।

ৰঙিয়াত প্ৰৱঞ্চক আটক

লগে লগে হস্পিটেল কৰ্তৃপক্ষই চিচি টিভি ফুটেজ প্ৰত‍্যক্ষ কৰি নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰে । শুকুৰবাৰে পুনৰ এই প্ৰৱঞ্চকজনে এগৰাকী ৰোগীৰ আত্মীয়ক আয়ুষ্মান ভাৰতৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহৰ বাবে চেষ্টা চলায় । এনে সময়তে হস্পিটেলখনৰ কৰ্মচাৰীয়ে চিচি টিভি ফুটেজৰ আধাৰত প্ৰৱঞ্চকজনক চিনাক্ত কৰিবলৈ সক্ষম হয় ।

লগে লগে হস্পিটেলৰ কৰ্মচাৰীয়ে প্ৰৱঞ্চকজনক আবদ্ধ কৰি ৰাখি সোধা-পোছা কৰাত যুৱকজনে প্ৰৱঞ্চনাৰে ৰোগীৰ আত্মীয়ৰ পৰা ধন সংগ্ৰহৰ কথা স্বীকাৰ কৰে । তাৰপিছত একাংশ লোকে লপা-থপা দি প্ৰৱঞ্চক ৰঞ্জন দত্তক আৰক্ষীৰ হাতত গতাই দিয়ে ।

লগতে পঢ়ক :গুৱাহাটীত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে 32 টা ম’হ ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.