ETV Bharat / state

AASU Controversy : আছু ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত হোৱাৰ অভিযোগ দুই প্ৰাক্তন সভাপতিৰ - সদৌ অসম ছাত্ৰ সন্থা

আছুত শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো আৰু শংকৰ প্ৰসাদ ৰায়ৰ ৷ তেওঁলোকে কয় যে, ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ বিষয় ন্যায়ালয়ৰ কাষ চপাটো অতিকৈ দুৰ্ভাগ্যজনক ৷

Former AASU President Shankar Prasad Ray
সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতি
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:21 PM IST

বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই প্ৰাক্তন সভাপতিৰ

ৰঙিয়া, 24 ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত দিব্যজ্যোতি মেধি নামৰ এগৰাকী বিদ্ৰোহী ছাত্ৰ নেতাই গোচৰ তৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতি প্ৰবীণ বড়ো আৰু শংকৰ প্ৰসাদ ৰায়ে ৷ ৰঙিয়াত উপস্থিত হৈ দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

তেওঁলোকে কয় যে, ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ বিষয় ন্যায়ালয়ৰ কাষ চপাটো অতিকৈ দুৰ্ভাগ্যজনক ৷ আছুৰ কিছুমান শেহতীয়া কৰ্মকাণ্ডই ৰাইজৰ মাজত অস্থাহীনতাৰ সৃষ্টি কৰিছে ৷ পূৰ্বৰ তুলনাত আছু ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত হোৱাৰ অভিযোগ দুই প্ৰাক্তন আছু নেতাৰ ৷ বিজেপি চৰকাৰ অহাৰ পাছত আন্দোলন নকৰা হৈছে ছাত্ৰ সন্থাই বুলি কয় দুই প্ৰাক্তন নেতাই ৷

আছু নেতা দিব্যজ্যোতি মেধিয়ে আদলতৰ কাষ চপাক লৈ সমগ্ৰ ৰাজ্যজুৰি পুনৰ আছু কেন্দ্ৰীক বিতৰ্ক আৰম্ভ হৈছে ৷ আছু নেতাৰ বয়সৰ সীমা ইত্যাদিকে ধৰি কেইবাটাও বিষয় চৰ্চাৰ বিষয় হৈ থকাৰ সময়তে দেওবাৰে ৰঙিয়াত এই সন্দৰ্ভত দুজনকৈ আছুৰ কেন্দ্ৰীয় প্ৰাক্তন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আছুৰ প্ৰাক্তন সভাপতি প্ৰবীণ বড়োৱে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে আছু এটা জাতীয় সংগঠন ৷ জাতীয় সংগঠনটোৰ নীতি-আদৰ্শ ৰক্ষা কৰি চলাতো প্ৰতিগৰাকী আছু কৰ্মীৰ কৰ্তব্য ৷ এনে ক্ষেত্ৰত আছুৰ এনেধৰণৰ বিতৰ্কিত বিষয়বোৰ উত্থাপন হোৱাৰ লগে লগে আছুৰ মজিয়াত আলোচনাৰ মাজেৰে সমাধান কৰাৰ প্ৰয়োজন আছিল ৷ কিন্তু আছুৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলে এনে বিষয়বোৰত গুৰুত্ব নিদিয়াৰ বাবে আজি আছুক লৈ বিতৰ্ক হ’বলৈ পালে বুলি প্ৰাক্তন সভাপতি গৰাকীয়ে উল্লেখ কৰে ৷

প্ৰবীণ বড়োয়ে কয় যে, আছু কোনোদিনে ৰাজনৈতিকভাৱে প্ৰভাৱাম্বিত হ’ব নালাগে ৷ পূৰ্বতে আছুৰ মজিয়াৰ পৰা কিবা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ’লে অসমৰ ৰাইজ তথা সংবাদ মাধ্যমক অৱগত কৰি চৰকাৰৰ লগত আলোচনাত বহা হৈছিল ৷ আলোচনাৰ পিছত কি হ’ল সেই বিষয়েও পিছত ৰাইজক অৱগত কৰা হৈছিল ৷ কিন্ত এতিয়া কিছু পৰিমাণে হলেও আছুৰ নেতাসকলে ৰাজনৈতিকভাবে প্ৰভাৱাম্বিত হোৱা যেন অনুমান হয় ৷ এতিয়া আছুৱে চৰকাৰৰ লগত আলোচনাত বহিলে জনাসাধৰণটো বাদেই অসমৰ সংবাদ মাধ্যমো অৱগত নহয় ৷ এনে বিষয়বোৰৰ বাবে আছুৰ মাজতে বিতৰ্কৰ সৃষ্টি হোৱা বুলি প্ৰাক্তন সভাপতি গৰাকীয়ে উল্লেখ কৰে ৷

আছুৰ উপদেষ্টা সন্দৰ্ভত প্ৰবীণ বড়োৱে কয় যে আছুৰ উপদেষ্টা কাক ৰাখিব সেই বিষয়টো আছুৰ প্ৰতিনিধি সভাত আলোচনা কৰা হয় ৷ বৰ্তমান যি সকলে আছুৰ উপদেষ্টাক লৈ প্ৰশ্ন কৰিছে সেইসকলে প্ৰতিনিধি সভাত বৰ্তমানৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপদেষ্টা হিচাপে থকাটো সমৰ্থন কৰিছিল ৷ এই ক্ষেত্ৰত বৰ্তমান প্ৰশ্ন কৰাৰ কোনো যুক্তি নাই বুলি প্ৰবীণ বড়োৱে মন্তব্য কৰে । অবশ্যে আছুত নাথাকি সমাজৰ হকে কাম কৰি যাব পাৰি বুলিও মন্তব্য কৰে প্ৰাক্তন আছু নেতা গৰাকীয়ে ৷

ইফালে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে আছুৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে সদৌ অসম ছাত্র সন্থা জাতীয় সংগঠন, সেই বাবে আছুৱে জাতীয় সত্তা বজাই ৰখাটো প্ৰয়োজন ৷ ড৹ সমজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ দৰে নেতাই সময়ৰ আহ্বানক বুজি পোৱাটো দৰকাৰ বুলি শংকৰ প্ৰসাদ ৰায়ে উল্লেখ কৰি কয় যে আছু নেতাসকল সংশোধন হোৱাটো প্ৰয়োজন ৷ ইফালে প্ৰাক্তন সভাপতি গৰাকীয়ে আছুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰি কয় যে বিজেপি চৰকাৰ অহাৰ পিছতে আছুৱে আন্দোলন কৰিবলৈ বাদ দিছে ৷

লগতে পঢ়ক : AASU Controversy: আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! ন্যায়ালয়ত গোচৰ বিদ্ৰোহী ছাত্ৰ নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.