দক্ষিণ কামৰূপ,25 জুলাইঃ ৰাজ্যত দৈনিক দ্ৰুতগতিত বাঢ়িছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । একাংশই কৰ'ণাকো আওকান কৰি চলাই গৈছে অবৈধ ৰমৰমীয়া বেহা । তাৰমাজতে পশ্চিম কামৰূপ বনসংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট আঞ্চলিক বনবিভাগৰ বনবিষয়া শান্তনু পাটোৱাৰীৰ আৰু পলাশবাৰী আৰক্ষীৰ নেতৃত্বত এটি দলে দক্ষিণ কামৰূপৰ ভূৰাপাৰাত দীৰ্ঘদিন ধৰি চোৰাংকৈ চলি থকা অবৈধ বেণ্ডছমিল এটা উৎখাট কৰিবলৈ সক্ষম হয় ।
ইপিনে বনবিভাগ আৰু আৰক্ষীৰ দল যোৱাৰ উমান পাই মিলটোৰ মালিক মুনিন্দ্ৰ দাস পলাই যাবলৈ সক্ষম হয় । কিন্তু বনবিভাগৰ দলটোৱে অবৈধ কাঠ ফলা মেচিনটো আৰু বহু পৰিমাণৰ চোৰাং কাঠ সহিতে কুণ্ডা উদ্ধাৰ কৰি লোহাৰ ঘাট বনাঞ্চলিক কাৰ্যলয়লৈ প্ৰেৰণ কৰে । উদ্ধাৰ কৰা সামগ্রী খিনিৰ মূল্য লক্ষ্যধিক টকাৰ হ’ব বুলি বন বিষয়া গৰাকীয়ে উল্লেখ কৰে । তাৰোপৰি মিলটোৰ মালিক মুনিন্দ্ৰ দাসৰ বিৰুদ্ধে বনবিভাগৰ ফালৰ পৰা পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে।
লগতে পঢ়কঃ আৰক্ষীৰ জালত হত্যাকাৰীঃ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ চুইফট ডিজায়াৰ