ETV Bharat / state

বানৰ পাচত বালিয়ে পুতিলে ধেপাৰগাঁৱৰ বিস্তৰ কৃষিভূমি - পুঠিমাৰী নৈ

বানৰ পাচত এইবাৰ বানৰ পৰৱৰ্তী পৰিস্থিতিয়ে জুৰুলা কৰিছে ৰঙিয়াৰ ধেপাৰগাঁৱৰ শহস্ৰাধিক কৃষকক ৷ ডেৰ মাহ পূৰ্বে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা ধেপাৰগাঁৱৰ কৃষিভূমিসূহ সম্প্ৰতি পুতি পেলাইছে বালিৰ তৰপে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চহা কৃষকৰ মাজত ৷

ধেপাৰগাঁৱৰ খেতি পথাৰ
ধেপাৰগাঁৱৰ খেতি পথাৰ
author img

By

Published : Aug 19, 2020, 2:00 PM IST

ৰঙিয়া, 19 আগষ্ট: হঠাতে অহা বানে তচনচ কৰি গ'ল ৰঙিয়াৰ ধেপাৰগাঁৱৰ বিস্তৰ কৃষিভূমি ৷ কৃষকৰ সপোনাৰ খেতিডৰাত এই বিধ্বংসী বানে পেলাই থৈ গ'ল বালিৰ তৰপ ৷ পুঠিমাৰী নৈৰ মথাউৰি ছিঙি হঠাতে অহা বানত ডুব যায় অঞ্চলটোৰ শহস্ৰাধিক কৃষকৰ বিঘাই বিঘাই কৃষিভূমি ৷ ডেৰ মাহ পূৰ্বে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা সেই কৃষিভূমিসূহ সম্প্ৰতি পুতি পেলাইছে বালিৰ তৰপে ৷ মুৰে-কপালে হাতত দিবলগীয়া হৈছে চহা কৃষকে ৷

বানৰ পাচত বালিয়ে পুতিলে ধেপাৰগাঁৱৰ বিস্তৰ কৃষিভূমি

উল্লেখ্য যে, ধেপাৰগাঁৱৰ অধিকাংশ লোকেই হ'ল কৃষিজীৱী ৷ 5 ৰ পৰা 6 ফুট ওখকৈ বালিত পোত যোৱা কৃষিভূমিত কৰা শালি ধানৰ খেতি বিনস্ত হোৱাত এতিয়া উপায়ন্তৰ হৈ পৰিছে বানাক্ৰান্ত কৃষকসকল ৷ যি খেতিৰে কৃষকসকলে নিজৰ পৰিয়ালক পোহপাল দিছিল সেই খেতি বানে বুৰোৱাৰ পাচত এইবাৰ পুতি পেলালে বালিয়ে ৷ ইমানৰ পাচতো কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ভগ্ন মথাউৰিটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কৃষকে ৷ শালি খেতিৰ ওপৰিও কৃষকে কৰা কুঁহিয়াৰ আৰু শাক-পাচলিৰ খেতিও বিনস্ত হৈ পৰাত, কৃষিনিৰ্ভৰ অঞ্চলটোৰ লোকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি উল্লেখ কৰে ভুক্তভোগী সকলে ৷ যাৰ বাবে তেওঁলোকে সংবাদ মাধ্যমযোগে ৰাজনীতি বাদ দি দুখীয়া ৰাইজৰ লগতে কৃষক সকলৰ খবৰ ৰাখিবলৈ আহ্বান জনালে চৰকাৰক ৷ লগতে সেই ক্ষতিগ্ৰস্ত অঞ্চলটোৰ কৃষক সকলক অতি শীঘ্ৰেই সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় ৷ অন্যথা আগন্তুক দিনত কৃষকসকলে নিজৰ প্ৰাপ্যৰ খাতিৰত আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি সকিয়নী প্ৰদান কৰে চৰকাৰক ৷

লগতে পঢ়ক: চৰকাৰী ধনৰ অপব্যৱহাৰ : পৰিকল্পনা নোহোৱাকৈ নিৰ্মাণ কৰা বজাৰ গৃহ ধংস

For All Latest Updates

TAGGED:

rangiaflood
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.