ETV Bharat / state

প্ৰলয়ংকাৰী বানত প্লাৱিত ৰঙিয়াৰ শতাধিক গাওঁ - বানত ডুব গৈছে ৰঙিয়া

বগৰীবাৰীত মথাউৰি চিঙি পুঠিমাৰী নৈৰ বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ নদীৰ প্ৰৱল সোঁতত নিঃশেষ হৈ গৈছে কেইবা সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ৷

flood at Rangia kamrup district
প্ৰলয়ংকাৰী বানৰ কবলত ৰঙিয়া
author img

By

Published : Jul 13, 2020, 1:48 PM IST

ৰঙিয়া,13 জুলাইঃ প্ৰলয়ংকাৰী বানত ডুব গৈছে ৰঙিয়া মহকুমা । বগৰীবাৰীত মথাউৰি চিঙি পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । কেইবা সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নিঃশেষ হৈ গৈছে নদীৰ প্ৰৱল সোঁতত । বানত ককবকাই আছে ৰঙিয়া মহকুমাৰ লগতে বাক্সাৰ শতাধিক গাঁৱৰ গঞাই । ইফালে গড়কাপ্তানী পথৰ ওপৰতো এবুকু পানী । ইতিমধ্যে ৰঙিয়া নগৰৰ কেইটামান মূল পথত যাতায়ত বন্ধ কৰি দিছে প্ৰশাসনে ।

প্ৰলয়ংকাৰী বানৰ কৱলত ৰঙিয়া

সম্প্ৰতি ওখ স্থান বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে । চৰকাৰী কাৰ্যালয়, চিকিৎসালয় ভৰি পৰিছে এককাল পানীৰে । SDRF বাহিনী, NDRF বাহিনী, স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা, মহকুমাধিপতি বেদাংগ তালুকদাৰ, BJP, AGP, CONG, AASU, ABMSU ৰ কৰ্মীসকলেও নিজাববীয়াকৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বৰ্তমানেও শ শ পৰিয়াল আবদ্ধ হৈ আছে বানৰ মাজতে ৷ উপায়ন্তৰ হৈ কোনোৱে যদি আশ্ৰয় লৈছে মথাউৰিত, কোনোৱে আকৌ আশ্ৰয় লৈছে ৰে'ল লাইনৰ ওপৰত ৷ বানৰ মাজতে খাদ্যৰ অভাৱেও জুৰুলা কৰিছে বানাক্ৰান্ত লোকসকলক ৷

লগতে পঢ়কঃক্ৰমশঃ জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.