ETV Bharat / state

কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী বিমান বন্দৰ

নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ । প্ৰৱেশ পথৰ পৰা প্ৰস্থান পথলৈ সকলোতে কেৱল পানী ।

author img

By

Published : Jul 1, 2020, 4:27 PM IST

flood at Guwahati airport
কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী বিমান বন্দৰ

কামৰূপ,1জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে বানপানী । নিতৌ ৰাজ্যৰ ন-ন অঞ্চল বুৰ গৈছে বানপানীত । ঠাই বিশেষে বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী । কৰ'ণা অব্যাহত থকাৰ সময়তে এই বানপানীয়ে দিশহাৰা কৰিছে বানাক্ৰান্ত ৰাইজক । শেহতীয়াকৈ পানীত বুৰ গ'ল গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ৷ কৃত্ৰিম বানত বুৰ গ'ল উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ সদৃশ আন্তৰ্জাতিক বিমানবন্দৰটোৰ কিছু অংশ ৷ বিমানবন্দৰটোলৈ প্ৰৱেশ কৰা পথটোৰ ওপৰত পানী,গাড়ী পাৰ্কিং কৰা ঠাইও এতিয়া ভৰি পৰিছে পানীৰে ৷ পানীত বুৰ গ'ল টেক্সি কাউন্টাৰো ৷

বিমানবন্দৰত কৰ'ণাৰ বাবে সেনাৰ লোকক আদৰিবলৈ নিৰ্মাণ কৰা কেম্পো এতিয়া পানীত বুৰ গৈছে ৷ বিমানবন্দৰৰ পৰা ওলাই যোৱা পথ ভৰি পৰিছে পানীৰে ৷ বিমানবন্দৰত পানী জমা হোৱাৰ পিছত এই পানীসমূহ ওলাবলৈ নাই বিশেষ নলা-নৰ্দমা ৷ যি কেইটা আছে সেইকেইটাৰ বহন ক্ষমতা যথেষ্ট কম যাৰ ফলত প্ৰত্যেক বছৰেই বাৰিষাৰ সময়ত পানীত বানত বুৰ যায় বিমানবন্দৰ । বিমানবন্দৰটোত বহু ধৰণৰ ন-ন অত্যাধুনিক ব্যৱস্থা সংলগ্ন কৰা হৈছে যদিও নলা-নৰ্দমাৰ ব্যৱস্থা পুৰণি হৈয়ে আছে । ইফালে বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত ৷

যাৰ ফলত এই কৃত্ৰিম বানৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ সন্মুখীন হয় যাত্ৰীৰ লগতে কৰ্মচাৰীসকল । আনকি বিমানবন্দৰৰ পৰা ওলাই যাব লগা মূল নলা সমূহ চাফ-চিকুন নকৰে কৰ্তৃপক্ষই, ফলত পানী ওলাই যাব নোৱাৰি বানৰ সৃষ্টি হয় বিমানবন্দৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত । নলাসমূহত বহুতো গছ-লতাই আৱৰি থকাৰ লগতে শিল মাটিৰে পোত খাই আছে যাৰ ফলত এই নলাৰ পৰা দ্ৰুতগতিত পানীসমূহ ওলাই যাবলৈ বাধাৰ সন্মুখীন হোৱাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হয়। সেয়ে এইবাৰ এই নলা চাফ কৰিবলৈ বিমানবন্দৰ কৰ্তৃপক্ষলৈ বাট নাচাই চাফ কৰিবলৈ ওলাই আহিল সাধাৰণ লোকৰ লগতে আজাৰা ছাত্ৰ সন্থা । নলা আৱদ্ধ হৈ থকা বহুতো আৱৰ্জনা নিজেই চাফ কৰিলে এই সকল লোকে । প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচাই নিজে আৱৰ্জনাখিনি চাফা কৰে এওঁলোকে ৷

লগতে পঢ়কঃকন্যকা বহুমুখী কৃষি পামত থলুৱা প্ৰজাতিৰ ধানৰ কঠিয়া ৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.