ETV Bharat / state

বিমানযাত্ৰীক আদৰিবলৈ সাজু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ - আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

বিমানবন্দৰতে লোৱা হৈছে বিভিন্ন পদক্ষেপ ৷ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বেগ ছেনিটাইজ কৰাৰ উপৰিও নতুন নতুন নীতি নিদেৰ্শনা মানিহে যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷

flights restart at guwahati airport
দেশত পুনৰ আৰম্ভ হ'ল বিমান সেৱা
author img

By

Published : May 25, 2020, 1:42 PM IST

কামৰূপ, 25মেঃ বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ ফলত দেশত বন্ধ হৈ আছিল বিমানবন্দৰসমূহ ৷ বন্ধ হৈ পৰিছিল আন্তঃৰাষ্ট্ৰীয় বিমানৰ লগতে ঘৰুৱা বিমান সেৱাৰ চলাচল । পোন প্ৰথমবাৰৰ বাবে এইদৰে বন্ধ হৈ পৰিছিল দেশৰ বিমানবন্দৰসমূহ । যোৱা ২৪ মাৰ্চৰ পৰা লকডাউনৰ ফলত দেশৰ সকলো বিমানবন্দৰ লগতে বন্ধ হৈ আছিল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰো ৷ জৰুৰী সেৱাৰ লগত জড়িত বিমানৰ বাহিৰে আন কোনো বিমানৰ চলাচল হোৱা নাছিল বিমানবন্দৰত । কিন্তু অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীৰ নিৰ্দেশৰ পিছতে আজিৰে পৰা আৰম্ভ হয় ঘৰুৱা বিমান সেৱা ।

গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো আজিৰে পৰা আৰম্ভ ঘৰুৱা বিমান সেৱা । পুৱা ৮ বাজি ৪৫ মিনিটত প্ৰথমখন বিমান অৱতৰন কৰে বৰঝাৰ বিমানবন্দৰত ৷ দিল্লীৰ পৰা আহি উপস্থিত হয় প্ৰথমখন বিমান । ইণ্ডিগ' বিমানযোগে অহা প্ৰথমখন বিমানত মুঠ ১৬০ জন যাত্ৰী কঢ়িয়াই আনিছিল যদিও বৰঝাৰত ৭৮ জন যাত্ৰী নমাই বিমানখন পুনৰ ইম্ফললৈ ৰাওনা হয় । বিমানযোগে অহা সকলো যাত্ৰীকে বিমানবন্দৰতে প্ৰাথমিক পৰীক্ষা কৰা হয় । প্ৰাথমিক পৰীক্ষাৰ ফলাফল যদিহে পজিটিভ অথবা সন্দেহজনক তেনেহ'লে যাত্ৰীজনক বিমানবন্দৰৰ পৰাই কোৱাৰেন্টাইন কেন্দ্ৰলৈ লৈ যোৱা হ'ব আৰু বিমানবন্দৰতে সকলো যাত্ৰীৰ তথ্য সংগ্ৰহ কৰি থৈ দিয়া হ'ব ।

দেশত পুনৰ আৰম্ভ হ'ল বিমান সেৱা

বিমানবন্দৰৰ সমীপৰ কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত যাত্ৰী স্বাৱ টেষ্ট কৰি কামৰূপ মহানগৰ, হোজাই, দৰং, মৰিগাঁও জিলাৰ বাদে সকলো যাত্ৰীকে জিলাই জিলাই যাবলৈ দি প্ৰাথমিক পৰীক্ষা অনুযায়ী কৰা হ'ব কোৱাৰেন্টাইন ৷ যাত্ৰী সকলোৰ বাবে বিমানবন্দৰৰ পৰাই কৰা হৈছে বাছৰ ব্যৱস্থা । একেদৰে বিমানবন্দৰত কৰ‘ণাৰ সংক্ৰমন ৰোধ কৰিবৰ বাবে বিমানবন্দৰত ১মিটাৰৰ দূৰে দূৰে গঢ়া হৈছে চিহ্ন ৷ এই চিহ্নত থিয় দি যাত্ৰীসকলে অহা-যোৱা কৰিব লাগিব । বিমানবন্দৰত প্ৰৱেশৰ আগমুহুৰ্তত চিকিৎসা কৰ্মীয়ে পৰীক্ষা কৰাৰ পিছতে সোমাব পাৰিব ভিতৰচৰাত ৷ একেদৰে বিমানত নিব লগা বেগো কৰা হ'ব ছেনিটাইজ । যাত্ৰী সকলোৰ টিকট তথা পৰিচয় পত্ৰ সুৰক্ষাকৰ্মীক দেখুৱাব লাগিব কেমেৰাৰ আগতহে । যাত্ৰীৰ লগত থাকিব লাগিব আৰোগ্য সেঁতু এপ ৷ সোমবাৰে দুপৰীয়া ভাগত বিমানবন্দৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই । আনহাতে আজি বৰঝাৰ বিমানবন্দৰত ৩৭খন বিমানৰ উৰণ-অৱতৰন হোৱাৰ কথা আছিল যদিও প্ৰতিকুল বতৰ আৰু বহিঃৰাজ্যত আম্ফানে চলোৱা তাণ্ডৱৰ ফলত ৮ খন বিমান অৱতৰন আৰু ৮ খন বিমানহে চলাচল কৰিব ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ মাজতে দেশজুৰি উদযাপন ঈদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.