ETV Bharat / state

ৰঙিয়াত বহিঃৰাজ্যৰ পৰা অহা পাঁচজনৰ দেহত ক'ৰণাৰ অৱস্থিতি

author img

By

Published : Apr 19, 2021, 2:13 PM IST

ৰঙিয়াত ৰে'ল ষ্টেচনত ৫ গৰাকী ৰে'ল যাত্ৰীৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি । বেংগালুৰুৰ পৰা আহিছিল যাত্ৰী কেইজন ৷

ৰঙিয়াত বহিঃৰাজ্যৰ পৰা অহা পাঁচজনৰ দেহত ক'ৰণা উপস্থিতি

ৰঙিয়া, 19 এপ্ৰিল : পুনৰ ৰঙিয়াত ৰে'ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা ৫ গৰাকী ৰে'ল যাত্ৰীৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি । সোমবাৰে বেংগালুৰু-গুৱাহাটী বিশেষ ৰে'লত অহা যাত্ৰী সকলৰ ক'ভিড পৰীক্ষা কৰাৰ পাচতে পাঁচজনৰ দেহত এই মৰামত্মক ভাইৰাছৰ উপস্থিতি পোৱা যায় ৷

ক'ভিড পৰীক্ষা কৰা মুঠ ২৬১ গৰাকী যাত্ৰীৰ ভিতৰত এই ৫ গৰাকী যাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা পাচতে শিঙিমাৰী কভিড হাস্পতালত ভৰ্তি কৰা হয় ৷ বেংগালুৰত কৰ্মৰত আটাইকেইজনে নিজ নিজ গৃহলৈ বুলি এই ৰে'লখনত আহিছিল ।

উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্যত ভয়াবহভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিমানবন্দৰৰ লগতে ৰে'ল ষ্টেচন সমূহত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰী সকলক ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে । ৰঙিয়া ষ্টেচনতো বহিঃৰাজ্যৰ যাত্ৰী সকলক ক'ভিড টেষ্ট কৰি থকা হৈছে ।

লগতে পঢ়ক: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাচি সিং ৰাৱাটৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.