ETV Bharat / state

ৰঙিয়াত ২১০ টা পৰিয়ালক বিনামূলীয়াকৈ মাছ বিতৰণ - মাহতলি

ৰঙিয়াৰ তুলসীবাৰী মাহতলি গাঁৱৰ শংকৰদেৱ স্মৃতি সংঘই ২১০ টা দুখীয়া পৰিয়ালক বিনামূলীয়াকৈ বিতৰণ কৰিলে মাছ ৷ ইতিমধ্যে সংঘৰ সদস্য সকলে দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৷

ETV BHARAT
ৰঙিয়াত ২১০ টা পৰিয়ালক বিনামূলীয়াকৈ মাছ বিতৰণ
author img

By

Published : Apr 23, 2020, 11:01 AM IST

ৰঙিয়া, 23 এপ্ৰিলঃ ৰঙিয়াৰ তুলসীবাৰী মাহতলি গাঁৱৰ শংকৰদেৱ স্মৃতি সংঘই দুখীয়া ৰাইজক বিতৰণ কৰিলে মাছ ৷ গাঁওখনৰ ২১০ টা পৰিয়ালক বিনামূলীয়াকৈ খাদ্য সামগ্ৰীকে ধৰি মাছ বিতৰণ কৰিছে শংকৰ দেৱ স্মৃতি শংঘৰ সদস্য সকলে ৷

ৰঙিয়াত ২১০ টা পৰিয়ালক বিনামূলীয়াকৈ মাছ বিতৰণ

লক ডাউনৰ বাবে সাধাৰণ ৰাইজে যথেষ্ট খাদ্য সংকটত ভুগিব লগা হৈছে । ৰঙিয়াৰ তুলসীবাৰী মাহতলিৰ শংকৰদেৱ স্মৃতি সংঘই দুখীয়া ৰাইজৰ বাবে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। তেওঁলোকে গাঁওখনৰ ২১০ টা পৰিয়ালক বিনামূলীয়াকৈ মাছ বিতৰণ কৰে। গাঁওখনত থকা সংঘটোৰ পুখুৰীত মাছ ধৰি প্ৰতিটো পৰিয়ালক ১ কেজিকৈ মাছ বিতৰণ কৰিছে সংঘটোৰ সদস্য সকলে। তাৰোপৰি ইয়াৰ এদিন পূৰ্বেও গাঁওখনৰ প্ৰতিটো দুখীয়া পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছিল স্মৃতি সংঘৰ সদস্য সকলে। এই সংকটৰ সময়ত শংকৰদেৱ স্মৃতি সংঘই লোৱা এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক- গুৱাহাটীত যোগান বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.