দক্ষিণ কামৰূপ, 3 জানুৱাৰী : পৰম্পৰাগতভাৱে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো উৰুকাৰ প্ৰাক মুহূৰ্তত দীপৰবিলত মাছ মৰা উৎসৱ পালন । একেলগে বিলত মাছ ধৰিলে প্ৰায় হাজাৰৰো অধিক মাছমৰীয়াই । প্ৰায় 300 ৰো অধিক নাওৰে মাছ ধৰিলে মাছমৰীয়াই ৷
দীপৰবিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে 'বিল মৰা' উৎসৱ । মাহযোৰা প্ৰস্তুতিৰে নাও আৰু বিভিন্ন প্ৰকাৰৰ সঁজুলিৰে মাছ ধৰে মাছমৰীয়াসকলে ৷
উল্লেখ্য যে, দীপৰবিলত ৰৌ, ভকুৱা, চিতলকে ধৰি প্ৰায় আঢ়ৈ কুইন্টল মাছৰ পোনা মেলি দিছিল চলিত বৰ্ষত । সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে মাছমৰীয়াই । পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দীপৰবিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰী কৰে । যাৰবাবে এই বজাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে । ভোগালী বিহুৰ উৰুকাৰ প্ৰাকমূহুৰ্তত এনে ধৰে মাছ মৰা উৎসৱে আনন্দ দিয়ে মাছমৰীয়াৰ লগতে গ্ৰাহকসকলক ৷
লগতে পঢ়ক : হাৰিয়ানাৰ নিজ গাঁৱতে শেষকৃত্য সমাপন হ'ব শ্বহীদ ৰবীন্দ্ৰ কুমাৰৰ