ETV Bharat / state

জৱাহৰলাল নেহৰু কোৱাৰেন্টাইন কেন্দ্ৰৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত

author img

By

Published : Jun 25, 2020, 11:49 AM IST

বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰথমজন কৰ'ণা পজিটিভ ৰোগী ধৰি পৰিছে । বিহাৰৰ পৰা শহুৰেকৰ ঘৰ ভূৰ্কীবাৰীত আহি উপস্থিত হৈছিল আক্ৰান্ত 30 বছৰীয়া সৎনাম সিং ।

বকো
জৱাহৰলাল নেহৰু কোৱাৰেন্টাইন কেন্দ্ৰৰ প্ৰথমজন কৰ'ণা আক্ৰান্ত

বকো, 25 জুন : বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰথমজন কৰ'ণা পজিটিভ ৰোগী ধৰি পৰিছে । যোৱা 19 জুনত বামুণীগাঁওস্থিত আদৰ্শ চিকিৎসালয়ত শ্বাব নমুনা সংগ্ৰহ কৰা হৈছিল বিহাৰৰ পৰা শহুৰেকৰ ঘৰ ভূৰ্কীবাৰীত আহি উপস্থিত হোৱা 30 বছৰীয়া সৎনাম সিঙৰ । শ্বাব নমুনা সংগ্ৰহ কৰাৰ পিছত আছুতীয়াকৈ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয় কোৱাৰেইন্টাইন কেন্দ্ৰত ৰখা হৈছিল লোকজনক ।

আনহাতে, নমুনাৰ ফলাফল পজিটিভ অহাৰ পিছত তেওঁক চিকিৎসাৰ বাবে কামৰূপ জিলাৰ শিঙিমাৰী কৰ'ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, যোৱা 16 জুনত কেৰালাৰ পৰা অহা 84 জন লোকক বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছিল । এই লোকসকল মৰিগাঁও জিলাৰ লোক আছিল ৷

ইয়াৰ পাচতে 23 জুনত এই লোকসকলক হোম কোৱাৰেন্টাইনলৈ পঠিওৱা হৈছিল ৷ ইয়াৰে 81 জনৰ নিগেটিভ ফলাফল লাভ কৰাৰ লগতে 3 জনৰ ফলাফল অমীমাংসিত হৈ আছিল । উল্লেখ্য যে, যোৱা 21 জুনৰ পৰা বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয় কোৱাৰেন্টাইন কেন্দ্ৰত অসমৰ বিভিন্ন স্থানৰ 58 জন লোক কেৰালাৰ পৰা আহি উপস্থিত হৈছে ৷

লগতে পঢ়ক : কলা শাখাত চতুৰ্থ স্থান লাভ দৰঙৰ মানসী চহৰীয়াৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.