ETV Bharat / state

ৰঙিয়াত প্ৰথমজন লোক আক্ৰান্ত COVID-19ত - rangia

যোৱা ২২ মে'ত চেন্নাইৰ পৰা অহা ৰঙিয়াৰ এজন যুৱকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিত ৷ যুৱকজনক অহাৰ দিনাই কোকৰাঝাৰত ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইন কৰোৱাৰ পাচত, ২৮ মে'ত ৰঙিয়া তৰণীৰ ঠাকুৰীয়াপাৰাৰ নিজ বাসগৃহত হোম কোৱাৰেণ্টাইন কৰা হৈছিল ৷

first covid-19 positive in rangia
first covid-19 positive in rangia
author img

By

Published : May 31, 2020, 12:31 PM IST

ৰঙিয়া, 31 মে': ৰঙিয়াত প্ৰথমজন লোক আক্ৰান্ত COVID-19ত ৷ ৰঙিয়াৰ অন্তৰ্গত তৰণীৰ ঠাকুৰীয়াপাৰা চুবুৰীৰ এগৰাৰী যুৱকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ জানিব পৰা অনুসৰি, চেন্নাইত কৰ্মৰত আছিল ৰঙিয়াৰ যুৱকজন ৷ যুৱকজন যোৱা ২২ মে'ত চেন্নাইৰ পৰা বাছেৰে শ্ৰীৰামপুৰত উপস্থিত হৈছিল ৷ সেই দিনাই কোকৰাঝাৰত যুৱকজনক ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইন কৰোৱা হৈছিল ৷

ৰঙিয়াত প্ৰথমজন লোক আক্ৰান্ত COVID-19ত

কোকৰাঝাৰৰ পিচত ২৮ মে'ত যুৱকজনক ৰঙিয়া তৰণীৰ ঠাকুৰীয়াপাৰাৰ নিজ বাসগৃহলৈ অনা হৈছিল আৰু পৰিয়ালৰ লগতে তেওঁক হোম কোৱাৰেণ্টাইন কৰা হৈছিল ৷ শনিবাৰে নিশা যুৱকজনৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ লগে লগে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ এটা দলে যুৱকজনক ঘৰৰ পৰা কামৰূপৰ শিঙিমাৰীত থকা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দেওবাৰে পুৱা অঞ্চলটোৰ বাট-পথবোৰত বাঁহ বান্ধি যাতায়াত বন্ধ কৰি দিয়ে প্ৰশাসনৰ লোকে ৷ লগতে সমগ্ৰ এলেকাটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় ৷ .

লগতে পঢ়কঃ MMCHৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক অব্যাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.