বকো, 21 ফেব্ৰুৱাৰী : বকোৰ ডাকুৱাপাৰাত দেওবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । বিশিষ্ট সমাজকৰ্মী যতীন পাঠকৰ গৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । গৰু গোহালিত জমাই থোৱা খেৰৰ মেজিত লাগে এই জুই । ক’ৰ পৰা কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল, সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও কোনো দুষ্কৃতিকাৰীয়ে এই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত বকোস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
লগতে পঢ়ক : পবিন্দ্ৰ ডেকা এতিয়া মামৰে ধৰা লোহা:অগপ নেতা অমিয় কুমাৰ দাস