ETV Bharat / state

ত্ৰিশূলেৰে হানি খুচি পিতৃয়ে হত্যা কৰিলে পুত্ৰক

author img

By

Published : Jul 19, 2021, 1:02 PM IST

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দখলাত চাঞ্চল্যকৰ ঘটনা ৷ পিতৃৰ হাতত নিহত পুত্ৰ ৷ সুৰাপায়ী পুত্ৰক ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে পিতৃয়ে ৷

father kills son in south kamrup
ত্ৰিশূলেৰে হানি খুচি পিতৃয়ে হত্যা কৰিলে পুত্ৰক

ছয়গাঁও, 19 জুলাই : এইবাৰ দা-কুঠাৰ নহয় দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দখলাত পিতৃয়ে মন্দিৰৰ ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে পুত্ৰক ৷ দেওবাৰে নিশা মনোজ শৰ্মা নামৰ 22 বছৰীয়া যুৱকজনে সুৰাপান কৰি ঘৰত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাত অতিষ্ঠ হৈ পৰিছিল পৰিয়ালৰ লোকসকল ৷ ইয়াৰ পিছতেই পিতৃ পবিত্ৰ শৰ্মাই খঙত অগ্নিশৰ্মা হৈ চোতালতে থকা মন্দিৰৰ ত্ৰিশূলেৰে পুত্ৰৰ পেটত হানি খুচি আক্ৰমণ কৰে ৷

ফলত লগে লগে পুত্ৰ মনোজ শৰ্মা চোতালত ঢলি পৰে । কিছু সময় পিছত বিজয়নগৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকজনক মিৰ্জাৰ চিকিৎসালয়লৈ লৈ যায় যদিও ইতিমধ্যেই মনোজ শৰ্মাৰ মৃত্যু ঘটে । অৱশ্যে পুত্ৰক হত্যা কৰা পবিত্ৰ শৰ্মাই লগে লগে বিজয়নগৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৷ পিতৃয়ে ত্ৰিশূলেৰে হানি খুচি পুত্ৰক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিগত বহু দিন ধৰি পুত্ৰ মনোজ শৰ্মাই সুৰাপান কৰি পৰিয়ালৰ লোকক অত্যাচাৰ কৰি আহিছিল ৷ ঘটনাৰ দিনাখনো সুৰাপায়ী পুত্ৰই ঘৰৰ বিভিন্ন সামগ্ৰী ধ্বংস কৰাৰ লগতে পিতৃক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল ৷ অৱশেষত নিজ প্ৰাণ ৰক্ষাৰ বাবেই পুত্ৰক আক্ৰমণ কৰিবলগীয়া হোৱা বুলি সংবাদিকৰ আগত অৱগত কৰে অভিযুক্ত পবিত্ৰ শৰ্মাই ৷

লগতে পঢ়ক:আৰক্ষীৰ গুলীত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.