ETV Bharat / state

শিল্প কৰ্মত ব্যস্ত এটি বিশেষ পৰিয়াল - sculpture practiceimg

এটি বিশেষ পৰিয়াল ৷ আংকক্ষিক লকডাউনৰ সময়ত এই পৰিয়ালটোৱে সময় অতিবাহিত কৰিবলৈ বাচি লৈছে এক বিশেষ পন্থা ৷ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে কাঠৰ বিভিন্ন সামগ্ৰী ৷ কিন্তু ক’ত আছে এই বিশেষ পৰিয়ালটো ?

family in chaigaon startes practiceimg in sculpture during lock down
শিল্প কৰ্মত ব্যস্ত এটি বিশেষ পৰিয়াল
author img

By

Published : Jul 11, 2021, 6:32 PM IST

ছয়গাঁও, ১১ জুলাই : দক্ষিণ কামৰূপৰ এটি বিশেষ পৰিয়াল ৷ আংশিক লকডাউনৰ সময়ত এই পৰিয়ালটো ব্যস্ত হৈ পৰিছে বিভিন্ন শিল্প কৰ্ম সম্পাদন কৰাত ৷ এই বিশেষ পৰিয়ালটো আছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাতপখলী গাঁৱত ।

সাতপখলী গাঁৱৰ প্ৰাক্তন শিক্ষক সুভাষ মালী, প্ৰাক্তন কৰ্মচাৰী কমল কুমাৰ মালী, দুই ভাতৃ তথা শিক্ষক প্ৰণৱ মালী আৰু ধীৰাজ মালীয়ে শিল্প কৰ্মৰে দেখুৱাইছে এক আদৰ্শ ৷ কৰ’ণাৰ এই দুঃসময়ত তেওঁলোকে নিজ হাতেৰে কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় দুশটা বিভিন্ন পশু-পক্ষী তথা অশোক স্তম্ভ ৷ আনহাতে, পেইণ্টিং কৰি উলিয়াইছে কেইবাখনো ছবি ৷

তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে অসম গৌৰৱ এশিঙিয়া গঁড়, হৰিণা, হাতী, বিভিন্ন চৰাই-চিৰিকটি আদি ৷

এই শিক্ষিত পৰিয়ালটোৰ কোনোবা যদি অৱসৰপ্ৰাপ্ত শিক্ষক, আন কোনোবা আন বিভাগৰ প্ৰাক্তন কৰ্মচাৰী, আনকি আন কোনোবা বৰ্তমান শিক্ষক ৷ সম্বন্ধত খুৰাক, ভতিজাক তথা ভাই ককাই ৷ কৰ’ণা মহামাৰীৰ বাবে জাৰি কৰা অংশিক লকডাউনত তেওঁলোকে সময় অতিবাহিত কৰিছে শিল্পকৰ্মত ব্যস্ত হৈ ৷

পিতৃ আৰু ককাকৰ স্মৃতি জীয়াই ৰখাৰ বাবে তেওঁলোকে অব্যাহত ৰাখিছে নিজৰ শিল্পকৰ্ম ৷ প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়ালৈ হাতে হাতে হাতুৰি, বাতুলি, কটাৰী আদি লৈ ব্যস্ত হৈ পৰে শিল্পকৰ্মত ৷ পেলনীয়া কাঠ দেখিলেই তেওঁলোকে বুজি পাই কাঠটুকুৰাৰ পৰা কি হ’ব ৷

শিল্প কৰ্মত ব্যস্ত এটি বিশেষ পৰিয়াল

এই বিশেষ পৰিয়ালটোৰ ঘৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাতপখলী গাঁৱত । মিনি লকডাউনত তেওঁলোক ব্যস্ত হৈ পৰিছে ভাস্কৰ্য শিল্পত ৷ কমল কুমাৰ মালীৰ খুৰাক তথা অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ মালী আৰু সুভাষ মালীৰ দুই শিক্ষক পুত্ৰ প্ৰণৱ মালী আৰু ধীৰাজ মালীৰ লগতে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কমল কুমাৰ মালীয়ে আজি প্ৰায় তিনিমাহ ব্যস্ত হৈ আছে শিল্প কৰ্মত ৷

কমল কুমাৰ মালীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ ককাক প্ৰয়াত শ্যামলাল মালী এগৰাকী কাঠমিস্ত্ৰীৰ লগতে ভাস্কৰ্য শিল্পী আছিল ৷ প্ৰায় ৩০ বছৰ পূৰ্বে ককাকৰ পৰা প্ৰেৰণা পোৱা কমল মালী আৰু তেওঁৰ খুৰাক আৰু দুই ভাতৃয়ে সুদীৰ্ঘ ৩০ বছৰৰ পিচত পুনৰ আৰম্ভ কৰিছে এই ভাস্কৰ্য শিল্প ৷ আচলতে, আংশিক লকডাউনে তেওঁলোকক এই সুযোগ দিয়া বুলি মন্তব্য কৰে শিল্পীকেইগৰাকীয়ে ।

অৱশ্যে সময় অতিবাহিত কৰাৰ বাবে চাৰিওজনে এই শিল্পকৰ্মত ব্যস্ত হৈ পৰিছিল যদিও এতিয়া তেওঁলোকে ইয়াক এটা প্ৰকল্প হিচাপে ল’ব বুলি উল্লেখ কৰে । ইতিমধ্যে তেওঁলোকৰ ওচৰলৈ গ্ৰাহক আহি আছে যদিও মূৰ্তি সমূহত ৰং দিয়া কাম তথা সম্পূৰ্ণ নোহোৱাৰ বাবে বিক্ৰী কৰা নাই ৷

পৰৱৰ্তী সময়ত ট্ৰেড ফেয়াৰ সমূহতো এই গঁড়, হাতী আদি মূৰ্তি সমূহ বিক্ৰীৰ বাবে নিব বুলিও জানিবলৈ দিয়ে ৷ অনাগত দিনত তেওঁলোকে মহাভাৰতৰ যুদ্ধত অৰ্জুনে ব্যৱহাৰ কৰা ৰথখনৰ মডেল এখন বনোৱাৰে পৰিকল্পনা কৰাৰ কথাও ব্যক্ত কৰে ৷ অৱশ্যে প্ৰয়োজনীয় কাঠৰ বাবে কিছু সমস্যা হোৱা বুলিও কয় ৷ কোনো লোকে তেওঁলোকৰ ওচৰত ভাস্কৰ্য শিল্পৰ বিষয়ে শিকিব বিচাৰিলে বিনাপইচাই শিকাব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক: চৰ্চাত বিমলৰ ব্যতিক্ৰমি টেক্টৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.