ETV Bharat / state

Fake officer detained at Rangia : ৰঙিয়াত ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া

author img

By

Published : Oct 11, 2022, 7:39 PM IST

ৰঙিয়াত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া (Fake Anti corruption officer detained) ৷ আটকাধীন কেইটা উদিয়ানাৰ ইকবাল হুছেইন, কাউৰবাহাৰ দিদাৰ হুছেইন আৰু মৃদুল আলী বুলি জানিব পৰা গৈছে ৷ বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত আছে দুৰ্নীতি নিবাৰক শাখাৰ ভুৱা তিনি বিষয়া ৷

Fake officer detain at Rangia
ৰঙিয়াত ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া

ৰঙিয়া, 11 অক্টোবৰ : ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে প্ৰৱঞ্চকৰ দল ৷ ভুৱা পৰিচয়েৰে নিজকে চৰকাৰী বিষয়া বুলি একাংশ লোকে সাধাৰণ ৰাইজৰ মাজত নিৰ্বিঘ্নে চলাই গৈছে লুণ্ঠনৰাজ ৷ আনকি বিভিন্ন সময়ত আৰক্ষীৰ জালত পৰিছে বহু ভুৱা বিষয়াও ৷ তথাপিও যেন আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হোৱা নাই ভুৱা বিষয়াক ৷

শেহতীয়াকৈ ৰঙিয়া আৰক্ষীৰ জালত পৰিছে তিনি ভুৱা বিষয়া ৷ নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া (Fake Anti corruption officer detained) ৷ গ্ৰেুপ্তাৰ হোৱা তিনি যুৱক ক্ৰমে উদিয়ানাৰ ইকবাল হুছেইন, কাউৰবাহাৰ দিদাৰ হুছেইন আৰু মৃদুল আলী বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চকৰ দলটোৱে সোমবাৰে দিনৰ প্ৰায় আঢ়ৈ বজাত ৰঙিয়াৰ বনগাঁৱৰ উৰণীয়া সেতুৰ তলত বৰপেটাৰ পৰা অহা এখন চুপাৰী কঢ়িওৱা গাড়ী ৰখাই তালাচী চলাই আছিল । তালাচী চলোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS 15 AC 5782 ৷ এই গাড়ীখনত তালাচী চলাই উপযুক্ত কাগজ-পত্ৰ নাই বুলি কৈ ভুৱা বিষয়াৰ দলটোৱে চুপাৰী কঢ়িওৱা গাড়ীখনৰ ড্ৰাইভাৰৰ পৰা ধন দাবী কৰিছিল ৷

লগতে পঢ়ক : উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী কনিষ্টবল

তালাচী চলোৱা ট্ৰাকখনত আছিল বৰপেটাৰ সৰ্থেবাৰীৰ আফজাল আলী, দক্ষিণ কামৰূপৰ সোনতলীৰ মহম্মদ আলী আৰু নলবাৰীৰ ঘগ্ৰাপাৰৰ সোনকুৰিহাৰ নুৰ ইছলাম । অৱশ্যে দশা বেয়া আছিল ভুৱা তিনি বিষয়াৰ ৷ ভুৱা বিষয়াৰ দলটোৱে ধন দাবী কৰি থকাৰ সময়তে উক্ত স্থানত আৰক্ষীৰ তহলদাৰী এটা দল উপস্থিত হয় ।

আৰক্ষী উপস্থিত হোৱাৰ লগে লগে দলটোৰ পৰা এজন লোক পলাই পত্ৰং দিয়ে ৷ অৱশ্যে আৰক্ষীয়ে বিচক্ষণতাৰে বাকী তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় । বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত আছে আটক হোৱা তিনি ভুৱা বিষয়া ৷ আটকাধীন তিনি ভুৱা বিষয়াক ইতিমধ্যে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷

ইফালে দেওবাৰে মহানগৰীৰ জু-ৰোডত নিজকে ক্ৰাইম ব্ৰঞ্চৰ বিষয়া বুলি পৰিচয় দি এগৰাকী ব্যৱসায়ীগৰাকীৰ পৰা লুটি নিছিল কেবাহাজাৰ টকা ৷ এই ঘটনাক কেন্দ্ৰ কৰি মহানগৰীত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অৱশ্যে 12 ঘন্টা নৌহওঁতেই গীতানগৰ আৰক্ষীয়ে দেওবাৰে কৰায়ত্ত কৰে এই চঞ্চল্যকৰ ডকাইতিকাণ্ডৰ তিনি অভিযুক্তক (Sensational robbery at Zoo road) ৷

লগতে পঢ়ক : জু ৰোডৰ চঞ্চল্যকৰ ডকাইতি কাণ্ড: ১২ ঘন্টা নৌহওঁতেই আৰক্ষীৰ জালত তিনি অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.