ETV Bharat / state

বিধায়ক হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপত গ্ৰহণ কৰে ।

sonowal_Swearing_as_a_mla
বিধায়ক হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : May 21, 2021, 2:14 PM IST

গুৱাহাটী, ২১ মে' : পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । শুকুৰবাৰে পুৱা 9.30 ৰ পৰা আৰম্ভ হৈছে বিধানসভা অধিৱেশন ৷

অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপত গ্ৰহণ কৰে । প্ৰ'টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে তেখেতক শপত বাক্য পাঠ কৰোৱায় ।

sonowal_Swearing_as_a_mla
বিধায়ক হিচাপে শপত গ্ৰহণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তথা দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতাৰ কথা দোহাৰাৰ লগতে নিজৰ কৰ্তব্য ৰূপায়ণৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক হৈ অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰে ।

উল্লেখ্য যে, বিগত পাঁচবছৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা সৰ্বানন্দ সোণোৱালৰ এতিয়া পৰিচয় মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্রী হিচাপে ।

লগতে পঢ়ক : বিধানসভাত প্ৰৱেশৰ পূৰ্বে অখিল গগৈক দুৰ্ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.