ETV Bharat / state

চৰকাৰী মাটি বেদখল পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰীৰ - পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰী ঋষৱ শৰ্মা

চৰকাৰী নিৰ্দেশ অবিহনে চৰকাৰী মাটিত অৱস্থিত এটা জান মাটি পেলাই বন্ধ কৰিলে পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰী ঋষৱ শৰ্মাই ৷ বাৰিষাত 20 খন গাঁও বানত ডুব যোৱাৰ সম্ভাৱনা ৷

encroachment of public land by petrol pump owner in rangia
চৰকাৰী মাটি বেদখল পেট্ৰ'ল পাম্পৰ স্বত্বাধিকাৰীৰ
author img

By

Published : Mar 6, 2020, 3:12 PM IST

ৰঙিয়া, 6 মাৰ্চঃ পুনৰ বেদখলকাৰীৰ কবলত ঐতিহাসিক চৰকাৰী ভূমি ৷ ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ কোনো চৰকাৰী নিৰ্দেশ অবিহনে পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী ঋষৱ শৰ্মা নিজ ইচ্ছাৰে বন্ধ কৰি দিলে ঐতিহাসিক আৰিমত্ত গড়ৰ দাঁতিত থকা এটা জান ৷ যাৰ বাবে বাৰিষাত বানত ডুব যোৱাৰ সম্ভাৱনা কুৰি খনৰো অধিক গাঁও ৷ স্বত্তাধিকাৰীজনৰ এই অবিবেচক কাণ্ডই গঞা ৰাইজৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ,জানটো বন্ধ নকৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো ৰাইজৰ কথালৈ কাণসাৰ দিয়া নাই ঋষৱ শৰ্মাই ৷ উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে ৷ ৰাইজৰ সুবিধাৰ্থে অতি শীঘ্ৰে জানটো মুকলি কৰি দিয়াৰ লগতে ঋষৱ শৰ্মাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

পুনৰ বেদখলকাৰীৰ কবলত ঐতিহাসিক চৰকাৰী ভূমি

লগতে পঢ়কঃবাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.