ETV Bharat / state

পুঠিমাৰী নৈৰ মথাউৰি বান্ধিবলৈ অপ্ৰাণ চেষ্টা ৰাইজৰ - মথাউৰি

বৰলীয়া নৈৰ মথাউৰিত ইতিমধ্যে সৃষ্টি হৈছে বৃহৎ বৃহৎ গাত ৷ উক্ত ঘটনাত শংকিত হৈ ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে স্থানীয় লোক সকলে ৷

Enbankmet damage At Rangia
পুঠিমাৰী নৈৰ মথাউৰি বান্ধিবলৈ অপ্ৰাণ চেষ্টা ৰাইজৰ
author img

By

Published : Jul 14, 2020, 4:39 PM IST

ৰঙিয়া, 14 জুলাইঃ ৰঙিয়াত পুঠিমাৰী নৈৰ বানে তাণ্ডৱ চলাই থকাৰ সময়তে আন এক বিপদৰ আশংকাই দেখা দিছে ৰাইজক ৷ তাৰোপৰি বৰলীয়া নৈ খনৰ পানীয়ে মথাউৰিটো কেইবাটাও অংশ খহাই নিয়াত এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷

পুঠিমাৰী নৈৰ মথাউৰি বান্ধিবলৈ অপ্ৰাণ চেষ্টা ৰাইজৰ

ৰঙিয়াৰ বৰমপুৰত বৰলীয়া নৈৰ মথাউৰিৰ বাবে যিকোনো মুহূৰ্ততে বিপদ নামি আহিব পাৰে নৈ পৰীয়া ৰাইজৰ । নৈ খনত ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে নৈ খনৰ জলপৃষ্ঠ ৷ ইয়াৰ উপৰিও নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে মথাউৰিটোৰে নিগৰি নিগৰি পানী গৈ থকাৰ বাবে এতিয়া গাতৰ সৃষ্টি হৈছে ।

ইফালে স্থানীয় ৰাইজে মথাউৰিৰ ভঙা অংশটো ভেটিবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে। লগতে মথাউৰিৰে ৰাইজে যান বাহনৰ প্ৰৱেশ বন্ধ কৰি দিছে । বিপদৰ আশংকা কৰি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো যোগাযোগ কৰা হৈছিল যদিও এতিয়ালৈ অঞ্চলটোত কোনো বিষয়া বা কৰ্মচাৰী গৈ উপস্থিত হোৱা নাই বুলি অভিযোগ কৰিছে। উক্ত ঘটনাটোত শংকিত হৈ নিজৰ সা-সম্পত্তিৰ লগতে পশুধন লৈ নিৰাপদ স্থানত আশ্ৰয় লৈছে স্থানীয় লোকসকলে । তাৰোপৰি আন একাংশই আকৌ মথাউৰিৰ ওপৰতে বাঁহ আৰু তিৰপালেৰে সাজি লৈছে অস্থায়ী আশ্ৰয় স্থল । যদিহে এই মথাউৰিটো ছিঙি যায় তেতিয়া হ'লে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ লগতে হাজো সমষ্টিৰ এক বৃহৎ অংশ বানৰ কবলত পৰিব বুলি আশংকা কৰিছে ৰাইজে ।

লগতে পঢ়ক- ঘন্টাত এক ছেন্টিমিটাৰকৈ বাঢ়িছে লুইতৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.