ETV Bharat / state

তীৰ্থ নগৰী হাজো ভয়ংকৰ খহনীয়াঃ স্বপ্নভংগৰ দুখত ম্ৰিয়মাণ নৈপৰীয়া - জলসম্পদ

পগলাদিয়া নদীৰ খহনীয়াৰ ফলত বহু পৰিয়ালৰ মাটি-ভেটি নদীৰ বুকুত জাহ যায় ৷ বান নিয়ন্ত্ৰণ আৰু গৰাখহনীয়া ৰোধত জলসম্পদ বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ ৷ নিশ্চুপ চৰকাৰ !

ভয়ংকৰ খহনীয়াৰ কৱলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল
author img

By

Published : May 6, 2019, 12:47 PM IST

হাজো , 06 মে': তীৰ্থ নগৰী হাজোত কাল ৰূপ ধাৰণ কৰিছে পগলাদিয়া নদীয়ে ৷ চকুৰ পচাৰতে শেষ হৈছে সকলো ৷ সৰ্বস্বান্ত হৈছে বহু পৰিয়াল ৷

ভয়ংকৰ খহনীয়াৰ কৱলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল

ভয়ংকৰ খহনীয়াৰ কৱলত পৰিছে তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল ৷ খহনীয়াৰ ফলত বিঘাই বিঘাই খেতি পথাৰ পগলাদিয়া নদীত জাহ যায় ৷ আনকি বহু পৰিয়ালৰ নিজৰ ভেটি-মাটিও পগলাদিয়া নদীত জাহ যায় ৷ ইপিনে কিছুসময়ৰ পাচত তেওঁলোকৰ ঘৰখনো নদীত জাহ যোৱাৰ আশংকাত নিজ হাতে সজা আপোন ঘৰ খনো ভাঙিব লগীয়া হৈছে দুৰ্ভগীয়া পৰিয়াল কেইটাই ৷ কিন্তু জলসম্পদ বিভাগে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলবাসীৰ ৷ ইয়াৰোপৰি তেওঁলোকৰ অভিযোগ, বিধায়িকা সুমন হাৰিপ্ৰিয়াই আজি পৰ্যন্ত তেওঁলোকৰ খবৰ লবলৈ অহা নাই ৷ প্ৰতিবছৰে পগলাদিয়াৰ বুকুত ঘৰ-বাৰী,খেতি-পথাৰ জাহ যায়, সেয়ে প্ৰকৃতিৰ কালৰূপত অঞ্চলবাসীৰ ঘৰ সপোনৰ খন জাহ যোৱাৰ পূৰ্বে অঞ্চলটোৰ ৰাইজে নিৰাপদ আশ্ৰয় বিচাৰি আহ্বান জনাইছে ৷

Slug- HAJO- EROSION EFACTED FAMILY

Script- ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল। পগলাদিয়াৰ নৈৰ কাল ৰূপ। চকুৰ প্ৰচাৰত সকলো শেষ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। বিঘাই বিঘাই খেতি পথাৰ গল। সৰ্বশ্ৰান্ত হল বহু পৰিয়াল। এতিয়া নিজৰ ভেটিৰ মাটি খিনিও নাবাছিল। হাৰ ভঙা পৰিশ্ৰম কৰি সজা আপোন ঘৰটো আজি নিজ হাতে ভাঙিব লগা হল। কাৰণ প্ৰকৃতিয়ে জানো বুজে এইবোৰ..... চাওক নিজ হাতে সজা আপোন ঘৰ খন ভাঙি আছে এওঁলোকে। সযতনে উলিয়াই আনিছে ঘৰৰ এপদ এপদ সামগ্ৰী। কাৰণ অলপ সময় পিছতে পগলাদিয়াৰ বুকুত জাহ যাব এওঁলোকৰ ঘৰ খন। ঘৰ খন জাহ যোৱাৰ পূৰ্বেই এওঁলোকে বিচাৰিছে নিৰাপদ আশ্ৰয়। নিৰ্বিকাৰ জলসম্পদ বিভাগ। নিশ্চুপ চৰকাৰ। বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ খবৰ লবলৈ আহৰি নাই। প্ৰতিবছৰে এইদৰে পগলাদিয়াৰ বুকুত জাহ যায় ঘৰ বাৰী খেতি পথাৰ এইবাৰও বাৰিষা আহিছে এইবাৰো যাবগৈ। পিছে... জলসম্পদ নামৰ বিভাগটো কত আছে!!! বান নিয়ন্ত্ৰণ গৰাখনিয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। আপোন ঘৰ খন হেৰুৱাই এওঁলোক আজি দিশহাৰা। কোনে বুজিব এওঁলোকৰ মৰ্ম বেদনা। নাই আহৰি নাই কাৰোৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.