বাইহাটা, 30 এপ্ৰিলঃ বাইহাটা চাৰিআলিত অসম পাব্লিক ওৱাৰ্কচৰ সচিব অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ ৷ মন্ত্ৰী ভবেশ কলিতাই আত্মীয়ৰ যোগেদি চাকৰি দিয়াৰ নামত ধন লোৱাৰ যি অভিযোগ আনিছিল তাৰ বিৰুদ্ধে কমলপুৰ বিকাশ মঞ্চই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
তথ্য সহকাৰে প্ৰমাণ দিব পাৰিলে অভিজিৎ শৰ্মা সমন্বিতে সংগীসকলক বাইহাটা চাৰিআলিত ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, মন্ত্ৰী ভবেশ কলিতাৰ জনপ্ৰিয়তাত এচাম ৰাজনীতিবিদে শংকিত হৈয়ে এনে অভিসন্ধি ৰচনা কৰাৰ অভিযোগ আনিছে কমলপুৰ বিকাশ মঞ্চৰ সদস্যই ৷