ETV Bharat / state

গছৰ পাতত ছবি অংকন দক্ষিণ কামৰূপৰ যুৱকৰ

গছৰ পাততে প্ৰস্তুত কৰি তুলিছে শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ লগতে বহু ব্যক্তিৰ হুবহু প্ৰতিচ্ছবি ৷ ৰূপজ্যোতিয়ে জানিবলৈ দিয়া মতে আঁহত গছৰ পাতত পাতখিলা মৰহি নোযোৱাৰ আগতে প্ৰথমে ছবি অংকন কৰি ব্লেডেৰে অতি সূক্ষ্মভাৱে কাটি প্ৰস্তুত কৰা হয় ছবিসমূহ ৷ অন্যথা সমস্যাৰ সৃষ্টি হয় ছবি অংকনৰ ক্ষেত্ৰত ৷

during the lockdown, A young boy done leaf crafts art
গছৰ পাতত ছবি অংকন দক্ষিণ কামৰূপৰ যুৱকৰ
author img

By

Published : May 17, 2020, 8:51 PM IST

আজাৰা,17মে'ঃকোনো কাগজত নহয় নতুবা ৱালত নহয়৷গছৰ পাতত হুবহু ৰূপত ইখনৰ পিছত সিখন ছবি অংকন কৰি গৈছে দক্ষিণ কামৰূপৰ এজন যুৱকে ৷ নাম ৰূপজ্যোতি ৰাভা৷ দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাট মহমাৰা গাঁৱৰ ডিগ্ৰীধাৰী তথা টেট উত্তীৰ্ণ যুৱক ৰূপজ্যোতিয়ে লক ডাউনৰ বাবে নিজ গৃহতে আবদ্ধ থাকি গছৰ পাতত প্ৰাণ দিছে একো একোজন ব্যক্তিক ৷ গছৰ পাততে প্ৰস্তুত কৰি তুলিছে শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ লগতে বহু ব্যক্তিৰ হুবহু প্ৰতিচ্ছবি ৷ ৰূপজ্যোতিয়ে জানিবলৈ দিয়া মতে, আঁহত গছৰ পাতত পাতখিলা মৰহি নোযোৱাৰ আগতে প্ৰথমে ছবি অংকন কৰি ব্লেডেৰে অতি সূক্ষ্মভাৱে কাটি প্ৰস্তুত কৰা হয় ছবিসমূহ ৷ অন্যথা সমস্যাৰ সৃষ্টি হয় ছবি অংকনৰ ক্ষেত্ৰত ৷ ইয়াৰ উপৰিও ছবিসমূহ অংকন কৰিবলৈ প্ৰয়োজন হয় যথেষ্ট সময় আৰু বহু ব্লেডৰো ৷ইপিনে ছবি অংকনৰ ক্ষেত্ৰত কোনোধৰণৰ আনুষ্ঠানিক শিক্ষাও নাই ৰূপজ্যোতিৰ৷

গছৰ পাতত ছবি অংকন দক্ষিণ কামৰূপৰ যুৱকৰ

গছৰ তলত নিৰৱে বহি প্ৰস্তুত কৰি যোৱা ছবি সমূহ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে লাভ কৰিছে ব্যাপক সমাদৰো ৷ যুৱকজনৰ এই প্ৰতিভাক প্ৰশংসাৰে উপচাই পেলোৱাৰ লগতে ৰূপজ্যোতিৰ এই প্ৰতিভাক লৈ গৌৰাৱান্বিত স্থানীয় ৰাইজ৷লক ডাউনৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হ'লেও লক ডাউনৰ বাবেই ৰূপজ্যোতিৰ দৰে বহু প্ৰতিভাধৰ যে এইদৰে ৰাইজৰ সমুখলৈ ওলাই আহিব পাৰিছে সেইয়া নুই কৰিব নোৱাৰি ৷

during the lockdown, A young boy done leaf crafts art
গছৰ পাতত ছবি অংকন দক্ষিণ কামৰূপৰ যুৱকৰ

লগতে পঢ়কঃবিত্তমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছত কিমান আশাবাদী গো-পালক সকল?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.