ৰঙিয়া,৬ মে': নকল সোণৰ বিৰুদ্ধে অব্য়াহত আৰক্ষীৰ অভিযান(Police raid against fake gold) । তাৰ মাজতেই আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে নকল সোণৰ ৰমৰমীয়া বেহা । এইবাৰ ৰঙিয়াত নকল সোণৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান ।
অভিযানত নকল সোণসহ জালত পৰে এজন যুৱক(Rangia Police arrest youth with fake gold) । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই হাতে লোটে আটক কৰে যুৱকজনক । যুৱকজনৰ হাতৰ পৰা ৪ খনকৈ নকল সোণৰ বিস্কুট উদ্ধাৰ কৰে আৰক্ষীয়ে ।
ধৃত যুৱকজনে সাধাৰণ ৰাইজক প্ৰৱঞ্চনা কৰাৰ লক্ষ্যৰে নকল সোণৰ বিস্কুট বিক্ৰী কৰিবলৈ অহা বুলি আৰক্ষীয়ে সদৰী কৰে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল ৰঙিয়াত । নকল সোণৰ সামগ্ৰীসহ সৰবৰাহকাৰীক আটক কৰি এটা দুষ্টচক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল ৰঙিয়া আৰক্ষী ।
লগতে পঢ়ক: বকোত চেপা উত্তেজনা: পুনৰ অসম-মেঘালয় সীমান্ত অশান্ত কৰাৰ চেষ্টা