বকো, 16 আগষ্ট: বকো আৰক্ষীৰ সাফল অভিযানত দেওবাৰে জব্দ হয় চেফৰেক্স নামৰ 300 টা নিষিদ্ধ নিচাযুক্ত ঔষধ ৷ বকো থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুপৰ্ণ বনীয়াই গোপন সূত্ৰৰ পম খেদি ছয়গাঁৱৰ চাম্পুপাৰা অভিমুখী AS-01-DP-2343 নম্বৰৰ মাৰুতি এল্ট'-কে10 বাহনৰ পৰা নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰা লগতে আটক কৰে দুজন যুৱকক ৷
আটকাধীন যুৱকদ্বয়ৰ নাম আলম উদ্দিন আৰু মোচতাফা নুৰ আলম বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে যুৱক দুজনক জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: হঠাতে জ্বলি উঠিল পথ নিৰ্মাণত ব্যৱহৃত যন্ত্ৰ