ছয়গাঁও ১৫ জুন: ছয়গাঁও আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া এক অভিযান চলাই ছয়গাঁৱৰ জামবাৰীৰ পৰা ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজন হ’ল গৰৈমাৰীৰ জোৰশিমলুৰ বানিজুৰ ৰহমান ৷
জানিব পৰা মতে, জোৰশিমলুৰ উক্ত লোকজনে দীৰ্ঘদিন ধৰি জোৰশিমলু আৰু গৰৈমাৰী অঞ্চলত ড্ৰাগছৰ বেহা চলাই আহিছিল ৷ মঙলবাৰে লোকজনে জামবাৰী অঞ্চললৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ খবৰ ছয়গাঁও আৰক্ষীয়ে লাভ কৰে ৷ লগে লগে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি দলে জামবাৰীত উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীয়ে সাধাৰণ লোকৰ বেশত ড্ৰাগছ বেপাৰীজনৰ ওচৰলৈ ড্ৰাগছ কিনাৰ চলেৰে গৈ আটক কৰিবলৈ সক্ষম হয় ৷ লোকজনৰ পৰা আৰক্ষীয়ে ১৮ টা কণ্টেইনাৰো জব্দ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বানিজুৰ ৰহমান নামৰ ড্ৰাগছ ব্যৱসায়ীজনে ইয়াৰ পূৰ্বেও ড্ৰাগছ ব্যৱসায় কৰাৰ অভিযোগত ছয়গাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ৷ লোকজনে আদালতৰ পৰা জামিন লৈ অহাৰ পাচত পুনৰবাৰ ড্ৰাগছৰ বেহা আৰম্ভ কৰিছিল ৷
লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল