ৰঙিয়া, 2 জানুৱাৰী : ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকা (Anti Drugs Mission) ৰ মাজতে নৱবৰ্ষৰ পহিলা দিনটোত ৰঙিয়া আৰক্ষীয়ে লাভ কৰে এক বৃহৎ সফলতা ৷ শনিবাৰে ৰঙিয়া আৰক্ষীৰ এটি দলে এক অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীসহ আটক (Drug Peddler Arrested by Rangia Police) কৰে ৷ আৰক্ষীৰ দলটোৱে লগতে 22.62 গ্ৰাম ওজনৰ 7 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 2 টা ম’বাইল আৰু এটা ছিৰিঞ্জসহ নগদ ধন জব্দ কৰে ৷
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে- কৰিয়াৰাৰ গাগা আৰু ৰিংকু ৰায় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ম’ষ্ট ৱাণ্টেড গাগা । মাত্ৰ কিছুদিন পূৰ্বে জামিন লাভ কৰা গাগাই পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হৈছিল ৷
শনিবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী গাগা আৰু ৰিংকু ৰায়ক ৷ সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : সাৱধান ! বনভোজকাৰীৰ বাহনত চকু পৰিছে প্ৰশাসনৰ