ETV Bharat / state

বৰপেটাত আৰু কামৰূপত নিচাজাতীয় দ্ৰৱৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী মুকুট আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে কুকাৰপাৰ গাঁৱৰ যুৱক ফৰিদুল হকৰ ঘৰত নিশা অভিযান চলাই যুৱকজনৰ পৰা কেইবাটাও ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়

বৰপেটাত জব্দ নিষিদ্ধ ড্ৰাগছ
author img

By

Published : Sep 23, 2019, 8:06 PM IST

বৰপেটা ২৩ চেপ্তেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত সৰ্থেবাৰী আৰক্ষীৰ । আভিযানত দেওবাৰে নিশা কুকাৰপাৰত জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, কফচিৰাপৰ বটলৰ লগতে কন্টেইনাৰ । ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী মুকুট আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে কুকাৰপাৰ গাঁৱৰ যুৱক ফৰিদুল হকৰ ঘৰত নিশা অভিযান চলাই যুৱকজনৰ পৰা কেইবাটাও ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আন এজন ড্ৰাগছ ব্যৱসায়ী ফৰিদুল হকক আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখে । ফৰিদুল হকে দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ।তাৰোপৰি মহিদুল ইছলাম নামৰ যুৱক এজনৰ ঘৰতো অভিযান চলাই বৃহৎ পৰিমাণৰ কফচিৰাপৰ বটল আৰু নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে । আনহাতে, আৰক্ষী যোৱাৰ উমান পাই মহিদুল ইছলাম পলাই যায় । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত চলিছিল এই অভিযান ।

বৰপেটাত জব্দ নিষিদ্ধ ড্ৰাগছ, এজন গ্ৰেপ্তাৰ

আনহাতে, দূৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত কামৰূপৰ দদৰা আৰক্ষীৰ সুৰাৰ বিৰুদ্ধে আন এক সফলতা । আৰক্ষীৰ অভিযানত জব্দ তিনি লক্ষাধিক টকাৰ 31 কাৰ্টন বিলাতী সুৰাৰ লগতে এখন ইন'ভা গাড়ী ৷ গোপন সূত্ৰৰ ভিত্তিতে চলোৱা অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ লগতে AS-12T-6872 নম্বৰৰ সুৰা কঢ়িয়াই অনা বিলাসী বাহন খন । গুৱাহাটী দিশৰ পৰা হাজো অভিমুখে আহি থকা অৱস্থাতেই কামৰূপৰ দদৰাত দদৰা আৰক্ষীয়ে সুৰাখিনি জব্দ কৰে যদিও বাহন খনৰ চালকজন পলাই জাবলৈ সক্ষম হয় ।

Intro:
বৰপেটা ২৩ ছেপ্তেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে সৰ্থেবাৰী আৰক্ষীৰ অভিযান । সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । দেওবাৰে নিশা কুকাৰপাৰত অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, কফচিৰাপৰ বটলৰ লগতে কন্টেইনাৰ । Body:ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী মুকুট আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে কুকাৰপাৰ গাঁৱৰ যুৱক ফৰিদুল হকৰ ঘৰত নিশা অভিযান চলাই যুৱকজনৰ পৰা কেইবাটাও ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰু ফৰিদুল হকক আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে। ফৰিদুল হকে দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে মহিদুল ইছলাম নামৰ যুৱক এজনৰ ঘৰতো অভিযান চলাই বৃহৎ পৰিমাণৰ কফচিৰাপৰ বটল আৰু নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে । আৰক্ষী যোৱাৰ উমান পাই মহিদুল ইছলাম পলাই যায়। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত চলিছিল এই অভিযান। দীৰ্ঘদিন ধৰি কুকাৰপাৰত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে এটি দুষ্ট চক্ৰই । Conclusion:---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.