ETV Bharat / state

Encounter in Rangia: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ৷ এইবাৰ ৰঙিয়াত চলিল অসম আৰক্ষীৰ এনকাউন্টাৰ (Police encounter at Rangia) ৷ আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী(Drug peddler injured in police encounter) ৷

author img

By

Published : Mar 28, 2022, 11:34 AM IST

Updated : Mar 28, 2022, 12:30 PM IST

drug-dealer-injured-in-police-firing-at-rangia
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

ৰঙিয়া, 28 মাৰ্চ : ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা (Assam police encounter) ৷ ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ কামৰূপ আৰক্ষীৰ ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱা সময়তে পিষ্টল গুলিত আহত হয় ড্ৰাগছ সৰবৰাহকাৰীটো (Drug peddler injured in police encounter) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো বিদ্যুৎ দেৱ ওৰফে বিপ্লৱ বুলি জানিব পৰা হৈছে ৷

আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰোঁতেই দুজাঁই গুলীৰে আৰক্ষীয়ে ধৰাশায়ী কৰে বিদ্যুৎক ৷ আহত ড্ৰাগছ সৰবৰাহকাৰীটোক সম্প্ৰতি GMCH ত ভৰ্তি কৰোৱা হৈছে ৷ সৰবৰাহকাৰী বিদ্যুৎ দেৱ ওৰফে বিপ্লৱৰ পৰা আৰক্ষীয়ে প্ৰায় 3 কোটি 50 লাখ টকা মূল্যৰ 646 গ্ৰাম হেৰ’ইন(Drugs Seized in Rangia) জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে আৰক্ষীয়ে আন এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

Rangia Encounter
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে ৰঙিয়া থানাত এক সংবাদমেলযোগে এই কথা জানিবলৈ দি কয় যে, আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰী মণিপুৰৰ পৰা আহি থকা বুলি এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰে । এই খবৰৰ ভিত্তিত কামৰূপ আৰক্ষীৰ এটা দলে দেওবাৰে নিশা ৰঙিয়াৰ বঙালীকুছিত খাপ পিটি থাকে । এনে সময়তে AS 01 BN 2633 নম্বৰৰ বলেৰ'ত দুজন যুৱক অহাত আৰক্ষীৰ দলটোৱে তালাচী চলায় ।

আৰক্ষীৰ দলটোৱে তালাচীৰ সময়ত গাড়ীখনৰ এক্সেলেটৰ আৰু চেছিছৰ ভিতৰত কেইবাটাও পেকেটত বৃহৎ পৰিমাণৰ হেৰ'ইন উদ্ধাৰ কৰে । লগে লগে গাড়ীখনৰ চালকৰ লগতে মূল সৰবৰাহকাৰী বিদ‍্যুৎ দেৱ ওৰফে বিপ্লৱক ৰঙিয়া থানালৈ নিয়া হয় । জেৰাৰ সময়ত থানাত বিপ্লৱে এটা পেকেট পেলাই থৈ অহা বুলি কয় । পিছত সেই ঠাইখিনিত পেকেটটো বিচাৰিবলৈ বিপ্লৱক লৈ যোৱা হয় ।

কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰায়

বিপ্লৱে তেতিয়া কাষতে থকা এজন কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰে ৷ ফলত আৰক্ষীয়ে বিদ‍্যুৎ দেৱ ওৰফে বিপ্লৱলৈ লক্ষ্য কৰি দুজাঁই গুলি চলায় ৷ আৰক্ষীৰ গুলিত বিদ‍্যুৎ দেৱ ওৰফে বিপ্লৱ ভৰিত আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত বিপ্লৱক লগে লগে জি এম চি এইচত ভৰ্তি কৰোৱা হয় । এই অভিযানৰ ক্ষেত্ৰত বিশেষভাৱে আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান, যুটীয়া আৰক্ষী আয়ুক্তই সহায় কৰাৰ বাবে কামৰূপ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ আৰক্ষী বিষয়া ৰাজীৱ নেওগ

Last Updated : Mar 28, 2022, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.