ETV Bharat / state

ৰঙিয়াৰ খেতিপথাৰত বৰষুণৰ অভাৱত কৃষকৰ হাহাকাৰ

কৃষিপ্ৰধান কামৰূপ জিলাৰ ৰাইজে শালি ধানৰ খেতিক অগ্রাধিকাৰ দি আহিছে । পিছে বান বিধ্বস্ত জিলাখনত বৰষুণৰ অভাৱত খেতিপথাৰ সমূহত পানী জমা নথকা বাবেই চিৰাল ফাট মেলিবলৈ ধৰিছে(Cracks in paddy field in Kamrup) । সন্মুখত মৰমৰ খেতি ডৰাত মেলা চিৰাল ফাটক লৈ কৃষক ৰাইজে এতিয়া আকাশলৈ চাই দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে ।

author img

By

Published : Aug 30, 2022, 3:02 PM IST

Cracks in paddy field in Kamrup
ৰঙিয়াৰ খেতিপথাৰত বৰষুণৰ অভাৱত মেলিছে চিৰাল ফাঁট

ৰঙিয়া, ৩০ আগষ্ট: অতি সম্প্ৰতি বতৰৰ প্ৰতিকুল প্ৰভাৱৰ বাবেই ৰাজ্য়ৰ বিভিন্ন জিলাৰ খেতিপথাৰ সমূহত মেলিছে চিৰাল ফাট(Cracks in paddy field in Kamrup)। ফলত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিশেষকৈ এফালে চলা অত্যাধিক খৰাং সদৃশ পৰিস্থিতি আৰু আনফালে বৰষুণৰ অভাৱত খেতিপথাৰ সমূহত পানী জমা নথকা বাবেই চিৰাল ফাট মেলিবলৈ ধৰিছে । ৰাজ্য়ৰ আন জিলাৰ লগতে কামৰূপতো পানীৰ অভাৱত কৃষক ৰাইজৰ মাজত হাহাকাৰ লাগিছে ।

জিলাখনৰ ৰঙিয়াৰ উদিয়ানাৰ খেতিপথাৰ সমুহত বৰষুণৰ অভাৱত চিৰাল ফাট মেলাৰ ফলত বিপদত পৰিছে অঞ্চলটোৰ কৃষক ৰাইজ(Farmers troubled in Udiyana at Rangia)। বিগত কেইদিনমানৰ পৰা উদিয়ানাৰ খেতিপথাৰ সমুহত বৰষুণৰ অভাৱত চিৰাল ফাট মেলাৰ ফলত অঞ্চলটোৰ কৃষক ৰাইজে হতাশাত ভুগিছে ।

উল্লেখ্য় যে প্ৰায় দুমাহ পূৰ্বে অহা প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ খেতি পথাৰসমুহৰ বিস্তৰ ক্ষতিসাধন কৰিছিল । নিশাটোৰ ভিতৰতে অহা বানে অঞ্চলটোৰ খেতিপথাৰত থকা বড়ো ধানৰ লগতে শালি খেতিৰ বাবে প্ৰস্তুত কৰা কঠিয়াসমুহ উটুৱাই নিছিল । বানপানী শাম কটাৰ পিছত অঞ্চলটোৰ কৃষক সকলে আকৌ নতুনকৈ কঠিয়া উৎপাদন কৰি খেতি কৰিছিল যদিও বৰ্তমান পানীৰ অভাৱত পথাৰসমুহৰ আদ্ৰতা নোহোৱা হৈছে ।

ইফালে, স্বাধীনতাৰ ৭৬ বছৰ পিছতো বৃহত্তৰ অঞ্চলটোৰ খেতিপথাৰত জলসিঞ্চন বিভাগৰ এখনো পানী যোগান আঁচনি নথকাৰ ফলত উপায়ন্তৰ হৈ পৰিছে কৃষকসকল(Draught situation in Rangia)। বছৰ বছৰ ধৰি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰি অহা কৃষক সকলে এইবছৰ বানপানীৰ তাণ্ডৱৰ পিছত আৰম্ভ কৰা শ শ বিঘা ধান খেতি এতিয়া মৰহি যোৱাৰ উপক্ৰম হৈছে ।

উল্লেখ্য় যে এই অঞ্চলটোৰ বেছিভাগ দৰিদ্ৰ কৃষকে বিভিন্ন বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ খেতি কৰিছিল । কিন্তু বানপানীয়ে কৰা ক্ষয়-ক্ষতিৰ পৰা উদ্ধাৰ হ'বলৈ চেষ্টা কৰা কৃষক সকলে পুনৰবাৰ খেতিডৰা নষ্ট হ'লে কেনেদৰে ঋণ পৰিশোধ কৰিব তাকে চিন্তা কৰি পাৰা নোপোৱা হৈছে । কপালৰ ঘাম মাটিত পেলাই ৰাইজক অন্নমুঠি যোগান ধৰা কৃষকসকলে এতিয়া নিজৰ পৰিয়ালক কেনেদৰে পোহপাল দিব তাকে চিন্তা কৰি উত্তৰ নোপোৱা হৈছে ।

লগতে পঢ়ক:কলিয়াবৰত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ, শংকিত পথচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.