ETV Bharat / state

মৃত নৱজাতক সন্দৰ্ভত স্বস্তি হস্পিতালৰ চিকিৎসকৰ স্পষ্টীকৰণ

author img

By

Published : Feb 9, 2020, 6:08 PM IST

আজি টুটুমণি গগৈৰ মৃত নৱজাতক সন্দৰ্ভত এক স্পষ্টীকৰণ প্ৰদান কৰে স্বস্তি হস্পিতালৰ চিকিৎসকে ৷ চিকিৎসকে জনোৱা মতে, নৱজাতকৰ মাতৃ টুটুমণি গগৈৰ গৰ্ভৱতী অৱস্থাৰ আঠ মাহৰ পৰা আছিল উচ্চ ৰক্তচাপ ৷ যাৰ প্ৰভাৱ পৰিছিল তেওঁৰ গৰ্ভস্থ সন্তানটিৰ ওপৰতো ৷ নৱজাতকটিৰ মৃত্যুৰ কাৰণ মুলতঃ উশাহত পৰ্যাপ্ত পৰিমানৰ অভাৱৰ বাবে হয় বুলি জনায় স্বস্তি হস্পিতালৰ চিকিৎসক হিতেন্দ্ৰ কলিতাই ৷

স্বস্তি হস্পিতাল
স্বস্তি হস্পিতাল

ৰঙিয়া, 9 ফেব্ৰুৱাৰীঃ স্বস্তি হস্পিতালৰ চিকিৎসকৰ তথ্য অনুসৰি, মৃত নৱজাতকৰ মাতৃ টুটুমণি গগৈৰ গৰ্ভৱতী অৱস্থাৰ আঠ মাহৰ পৰা আছিল উচ্চ ৰক্তচাপ ৷ যাৰ বাবে প্ৰভাৱ পৰিছিল তেওঁৰ গৰ্ভস্থ সন্তানটিৰ ওপৰত ৷ সেয়েহে নিৰ্ধাৰিত সময়তকৈ দুসপ্তাহ আগতে অপাৰেচন কৰি প্ৰসৱ কৰিব লগীয়া হৈছিল টুটুমণি গগৈৰ ৷ কিন্তু জন্মৰ পিচতে নৱজাতকটিয়ে সঠিকভাৱে উশাহ ল'ব পৰা নাছিল ৷ ফলত ততাতৈয়াকৈ শিশুটিক আইচিইউত ভৰ্তি কৰোৱা হয় ৷

মৃত নৱজাতক সন্দৰ্ভত স্বস্তি হস্পিতালৰ চিকিৎসকৰ স্পষ্টীকৰণ

নৱজাতকটিৰ মৃত্যুৰ কাৰণ মুলতঃ উশাহত পৰ্যাপ্ত পৰিমানৰ অক্সিজেনৰ অভাৱৰ বাবে হয় বুলি জনায় স্বস্তি হস্পিতালৰ চিকিৎসক হিতেন্দ্ৰ কলিতাই ৷

লগতে পঢ়কঃ অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা এটি দেৱশিশুৰ মৃতদেহ..

Intro:টুটুমণি গগৈৰ মৃত নৱজাতকৰ সন্দৰ্ভত স্বস্তি হস্পিটালৰ চিকিৎসকৰ সংবাদমেলBody:মৃত নৱজাতকৰ মাতৃ টুটুমণি গগৈৰ গৰ্ভৱতী অৱস্থাৰ আঠ মাহৰ পৰা উচ্চ ৰক্তচাপ আছিল। যাৰবাবে গৰ্ভস্থ সন্তানটিৰ স্বাস্থ‍্যৰ ওপৰত প্ৰভাৱ পৰিছিল। সেইবাবে নিৰ্ধাৰিত সময়তকৈ দুসপ্তাহ আগতে অপাৰেচন কৰি প্ৰসৱ কৰিব লগীয়া হৈছিল। জন্মৰ পিছতে নৱজাতকটিয়ে সঠিক ভাৱে উশাহ লব পৰা নাছিল। ফলত ততাতৈয়াকৈ শিশুটিক আইচিইউ ভৰ্তি কৰোৱা হয়। পিছত পৰিয়ালৰ লোকে নৱজাতকক প্ৰতীক্ষা হস্পিটাললৈ নিবলৈ বিচৰাত নিবলৈ দিয়া হয়। নৱজাতকটিৰ মৃত্যুৰ কাৰণ মুলতঃ উশাহত পৰ্য‍্যাপ্ত অক্সিজেনৰ অভাৱ বুলি স্বস্তি হস্পিটালৰ চিকিৎসক হিতেন্দ্ৰ কলিতাই দাবী কৰে।
আনহাতে ভুক্তভোগীয়ে মেনেজ কৰাৰ বাবে সঘনে যোগাযোগ কৰাৰ সন্দৰ্ভত তেওঁ স্পষ্টিকৰণ দি কয় যে স্বাস্থ‍্যজনিত কৰণত হে ৰোগীৰ লগত যোগাযোগ কৰা হৈছিল।
Bite:- ডাঃ হিতেন কলিতা, ডাঃ ৰাস্না শৰ্মাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.