বাইহাটা, 23 ছেপ্তেম্বৰ: বাইহাটাত পথ নিৰ্মাণকাৰ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ ৰঙিয়া গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত বাইহাটা চাৰিআলিৰ কৰৰা পিংগলেশ্বৰ দেৱালয় পথৰ পৰা খৰিকটা হাইস্কুললৈ যোৱা পথ নিৰ্মাণত সংঘটিত হৈছে অনিয়ম ৷ অভিযোগ অনুসৰি SOPD আঁচনিৰ অধীনৰ পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ কামাল উদ্দিন আহমেদে নিম্ন মানৰ কাম কৰি সৰকাইছে চৰকাৰী ধন ৷ যাৰ বাবে এবছৰ নৌহওতেই ছাইড বামৰ পৰা এৰাই গ'ল পথৰ ব্লকসমূহ ৷ স্থানীয় ৰাইজে বিধায়ক সত্যব্ৰত কলিতাই মুকলি কৰা পথটি অতি শীঘ্ৰেই পুনৰ মেৰামতি কৰাৰ দাবী জনায় সংবাদ মাধ্যমযোগে ৷
লগতে পঢ়ক: আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত