ৰঙিয়া, 3 এপ্ৰিল : কমলপুৰৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা পুনৰ সোমাই পৰিছে বিৰ্তকত ৷ প্ৰাৰ্থী দিগন্ত কলিতাই প্ৰয়াত বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ তথা কংগ্ৰেছৰ কৰ্মী পাৰ্শ্ব কলিতাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, দিগন্ত কলিতা হৈছে পাৰ্শ্ব কলিতাৰ বৰদেউতাকৰ পুত্ৰ । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পিছতেই দিগন্ত কলিতাই পাৰ্শ্ব কলিতাক ফোনযোগে ভাবুকি দিয়ে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ ইয়াৰ লগতে দিগন্ত কলিতাই লগত প্ৰায় বিশজন ল'ৰা লৈ তেওঁক মাৰিবলৈ বিচাৰি ফুৰিছে বুলিও কয় ৷
এই ঘটনাৰ সন্দৰ্ভত পাৰ্শ্ব কলিতাই ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে, দিগন্ত কলিতাই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিবলৈ গৈ পুলিচৰ লগত হতাহতি কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল । লগতে মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সৈতেও তৰ্কত লিপ্ত হৈছিল । বিষয়টো সন্দৰ্ভত কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু দোষীৰ উচিত শাস্তি দাবী কৰিছে।
লগতে পঢ়ক : হিংসাৰ আশ্ৰয় লৈছে কৰিম উদ্দিন বৰভূঞাই: আমিনুল হক লস্কৰ