ETV Bharat / state

আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন - কৰিমগঞ্জ

আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন ৷ আমিনুল হক লস্কৰে সোনাই সমষ্টিৰ পৰা উপাধ্যক্ষ পদৰ বাবে কৰিছে প্ৰতিদ্বন্দিতা ৷

আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন
author img

By

Published : Jul 31, 2019, 9:53 AM IST

Updated : Jul 31, 2019, 10:54 AM IST

কামৰূপ,31জুলাই : আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন ৷ শূণ্যকালীন ঘণ্টাৰ পিছতে অনুস্থিত হ'ব এই নিৰ্বাচন ৷ বিধান সভাৰ উপাধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে একমাত্ৰ আমিনুল হক লস্কৰে ৷ আমিনুল হক লস্কৰে সোনাই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে ৷ বৰ্তমানলৈকে উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ অথবা এ আই ইউ ডি এফৰ কোনো সদস্যই মনোনয়ন পত্ৰ দাখিল কৰা নাই ৷ বিজেপিৰ একমাত্ৰ ধৰ্মীয় সংখ্যালঘু বিধায়ক আমিনুল হক । কিছুসময়ৰ পিছতে আমিনুল হক লস্কৰক বিনা প্ৰতিদ্বন্দিতাৰে উপাধ্যক্ষৰ নিৰ্বাচনত জয় ঘোষণা কৰা সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখযোগ্য যে ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক কৃপানাথ মাল্লা কৰিমগঞ্জ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত খালী হৈছিল বিধানসভাৰ উপাধ্যক্ষৰ পদ ৷ ইয়াৰ পূৰ্বে শিলচৰৰ বিধায়ক দিলীপ পালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলা প্ৰৱল আন্দোলনৰ সময়ত বহু কেইটা কাৰন প্ৰদৰ্শন কৰি উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ৷

Intro:আজি বিধান সভাত অনুষ্ঠিত হব উপাধ্যক্ষ নিৰ্বাচন। শূণ্য কালিন ঘণ্টাৰ পিছতে অনুস্থিত হব নিৰ্বাচন । বিধান সভাৰ উপাধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে আমিনুল হক লাস্কৰে একমাত্ৰ মনোনয়ন পত্ৰ দাখিল কৰিছে । Body:বৰ্তমানলৈকে উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ অথবা আইউডফ ৰ এজনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই । আমিনুল হক লাস্কৰ সোনাই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে । বেজেপিৰ একমাত্ৰ ধৰ্মীয় সংখ্যালঘু বিধায়ক আমিনুল হক । কিছুসময়ৰ পিছতে
আমিনুল হক লাস্কৰক বিনা প্ৰতিদ্বন্দিতাৰে উপাধ্যক্ষৰ নিৰ্বাচনত জয় ঘোষণা কৰা সম্ভাৱনা । Conclusion:উল্লেখযোগ্য যে ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক কৃপানাথ মাল্লা কৰিমগঞ্জ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত খালী হৈছিল বিধানসভাৰ উপাধ্যক্ষৰ পদ ৷ ইয়াৰ পূৰ্বে শিলচৰৰ বিধায়ক দিলীপ পালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলা প্ৰৱল আন্দোলনৰ সময়ত বহু কেইটা কাৰন প্ৰদৰ্শন কৰি পদত্যাগ কৰিছিল উপাধ্যক্ষ পদৰ পৰা ৷
Last Updated : Jul 31, 2019, 10:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.