ETV Bharat / state

বকোৰ কাকাৰাবড়ীত মৃতদেহ উদ্ধাৰ - DEADBODY RECOVERED

বকোৰ কাকাৰাবড়ী প্ৰাথমিক বিদ্যালয়ৰ সমীপত উদ্ধাৰ হৈছে উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ 27 বছৰীয়া ৰফিকুল ইছলামৰ মৃতদেহ ৷

বকোৰ কাকাৰাবড়ীত মৃতদেহ উদ্ধাৰ
বকোৰ কাকাৰাবড়ীত মৃতদেহ উদ্ধাৰ
author img

By

Published : Feb 23, 2021, 2:20 PM IST

বকো,23 ফেব্ৰুৱাৰীঃ মঙলবাৰে বকোৰ কাকাৰাবড়ীত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ বকোৰ কাকাৰাবড়ী প্ৰাথমিক বিদ্যালয়ৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ 27 বছৰীয়া ৰফিকুল ইছলামৰ বুলি চিনাক্ত কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মান্দাকাটাৰ এই যুৱকজন বকোত গাড়ীৰ মেকানিক হিচাপে কৰ্মত নিয়োজিত হৈ আছিল । কাকাৰাবড়ীৰ সমীপৰ চিমনাত মৃত ৰফিকুল ইছলামৰ শহুৰেকৰ ঘৰ । সোমবাৰে নিশা শহুৰেকৰ ঘৰলৈ যোৱাৰ পথত এই অঘটন সংঘটিত হোৱাৰ আশংকা কৰিছে আৰক্ষীয়ে । কোনে, কিয় বা কি উদ্দেশ্যৰ যুৱকজনক হত্যা কৰিলে, সেই সম্পৰ্কে কোনো তথ্য লাভ কৰা নাই বকো আৰক্ষীয়ে ৷ কিন্তু মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছে । কোনো অজ্ঞাত দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি এনেদৰে মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়কঃ টীয়কত বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.