বাইহাটা, 9 জুলাই : কামৰূপ (গ্ৰাম্য) জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰত বৃহস্পতিবাৰে নিশা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ (Dead Body) ৷ কমলপুৰৰ পৰা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা গড়কাপ্তানি পথৰ দাঁতিত তেজেৰে লুতুৰী-পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ হয় অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
প্ৰত্যেক্ষদৰ্শীয়ে সদৰি কৰা অনুসৰি, এয়া এক হত্যাকাণ্ড । ঘটনাস্থলীত কমলপুৰ আৰক্ষী (Kamalpur Police) উপস্থিত হৈ মৃতদেহটো চমজি লৈ আৰম্ভ কৰিছে তদন্ত । উক্ত ঘটনাস্থলীৰ পৰা তিনিপাত চেণ্ডেল আৰু এটা ম’বাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে ।
ইফালে মৃত মহিলাগৰাকীৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা বুলি উল্লেখ কৰে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে ৷ তদন্তৰ অন্ততহে মহিলাগৰাকীৰ মৃত্যুৰ ৰহস্য ওলাই পৰিব ৷
লগতে পঢ়ক : নগাঁৱত নিষিদ্ধ হেৰ'ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী