ETV Bharat / state

মহাবাহুত জাহ গ'ল পলাশবাৰীৰ বিস্তীৰ্ণ অঞ্চল - কামৰূপ জিলা

কামৰূপ জিলাৰ পলাশবাৰীত প্ৰলয়ংকৰী বানৰ পিচতেই চপৰা-চপৰে খহাই নিছে মহাবাহুৰ কাষৰীয়া অঞ্চল সমূহ । কোনো এখন চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা নকৰাত শংকিত নৈপৰীয়া ৰাইজ ৷

Danger Erosion at palashbari nahira
মহাবাহু ব্ৰহ্মপুত্ৰত জাহ গ'ল পলাশবাৰীৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Aug 18, 2020, 6:25 PM IST

দক্ষিণ কামৰূপ, 18 আগষ্টঃ প্ৰলয়ংকৰী বানৰ পিচতেই এইবাৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াত জাহ গৈছে শতাধিক লোকৰ ঘৰ-মাটি-ভেটি ৷ ইতিমধ্যে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বহুকেইখন গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে । তাৰপিছতো কিন্তু কোনো এখন চৰকাৰে বিজ্ঞানসন্মত ভাৱে কোনোধৰণৰ উপযুক্ত খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে স্থানীয় লোক সকলে । ইফালে বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলৰ পৰিছে নহিৰা গুইমাৰাৰ বহু অঞ্চল ।

মহাবাহু ব্ৰহ্মপুত্ৰত জাহ গ'ল পলাশবাৰীৰ বিস্তীৰ্ণ অঞ্চল

উল্লেখ্য যে, সোমবাৰে নিশাও বুঢ়া লুইতৰ খহনীয়াৰ কৱলত পৰি গৃহহীন হ'বলগা হ'ল বহুলোক । নিশাটোৰ ভিতৰতে একমাত্ৰ পুত্ৰৰ সৈতে চৰকাৰে দিয়া এটি পকীঘৰত বাস কৰি থকাৰ সময়তেই নৈ খনৰ বুকুত জাহ যায় বাসগৃহকে আদি কৰি সকলো সা-সম্পত্তি ৷ এতিয়া চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটো । নিজৰ সপোনৰ ঘৰখন হেৰুৱাই এতিয়া এইদৰে মথাউৰিতে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে দৰিদ্ৰ পৰিয়ালটোৰ ।

আনহাতে চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ তথা মথাউৰি নিৰ্মাণৰ নামত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও বিভাগীয় কাম কাজত মুঠেও সন্তুষ্ট নহয় নৈপৰীয়া ৰাইজ । এই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম ফেমা নামৰ এটি কোম্পানীৰ পৰ্যবেক্ষণত Brahmaputra infrastructure limited য়ে পিথানি গ্ৰুপক দায়িত্ব অৰ্পণ কৰিছিল । ইফালে কোম্পানীটোৱে খৰালিৰ পৰিৱৰ্তে বাৰিষাহে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ উঠি-পৰি লাগে বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

ইফালে বছৰৰ পিছত বছৰ-বছৰ ধৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনেদৰে পলাশবাৰী সমষ্টিৰ ইখনৰ পিছত সিখন গাঁও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । এতিয়া প্ৰশ্ন হয় আৰু কিমান দিনলৈকে এনেদৰে যমৰ যাতনা ভুগিব লাগিব নৈপৰীয়া ৰাইজে । চৰকাৰৰ চকুত পৰিবনে নৈ পৰীয়া ৰাইজৰ দুখ-বেদনা ৷ তাক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷

লগতে পঢ়ক- বিশুদ্ধ খোৱাপানীৰ অভাৱত দিন কটাইছে বাক্সাৰ ২ নং ডোঙাৰ গাঁওবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.