ETV Bharat / state

SBI গ্ৰাহকৰ একাউণ্টত হেকাৰৰ শেনচকু: সৰকালে 24 লাখ টকা

author img

By

Published : Jun 15, 2021, 1:12 PM IST

ভাৰতীয় ষ্টেট বেংক(State Bank of India)ৰ গ্ৰাহকৰ একাউণ্টত হেকাৰৰ শেনচকু । দুদিনৰ ভিতৰত ৰঙিয়াৰ এজন লোকৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টৰ পৰা হেকাৰে লুটিলে প্ৰায় ২৪ লাখ টকা । ৩১ বাৰকৈ গ্ৰাহক গৰাকীৰ একাউণ্টৰ পৰা হেকাৰে সৰকালে ধনৰাশি ৷

cyber-criminals-cheat-a-men-and-loots-money-from-his-sbi-account-in-rangia
SBI গ্ৰাহকৰ একাউন্টত হেকাৰৰ শেনচকু: সৰকালে 24 লাখ টকা

ৰঙিয়া, 15 জুন : পুনৰ ভাৰতীয় ষ্টেট বেংক(State Bank of India)ৰ গ্ৰাহকৰ একাউণ্টত হেকাৰৰ শেনচকু । দুদিনৰ ভিতৰত ৰঙিয়াৰ এজন লোকৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট হেক কৰি হেকাৰে লুটি নিলে প্ৰায় ২৪ লাখ টকা ।

ভুক্তভোগী গ্ৰাহক গৰাকী হৈছে ৰঙিয়া ৬নং ৱাৰ্ডৰ নিবাসী অৱসৰপ্ৰাপ্ত বিএছএনএলৰ কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তী । ব্যক্তি গৰাকীয়ে জীৱনৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত জমা ৰাখিছিল । কিন্তু দুটা দিনৰ ভিতৰতে হেকাৰে বৃহৎ পৰিমাণৰ টকা হৰলুকি কৰি লৈ যায় ।

গ্ৰাহক গৰাকীয়ে জনোৱা মতে, তেওঁলৈ অহা এটা ফোন কলত তেওঁক একাউণ্টৰ বিষয়ে জনোৱা হৈছিল । ফোনত গ্ৰাহক গৰাকীয়ে বেংকলৈ অহাৰ কথা কৈছিল যদিও কৰ’ণাৰ বাবে সতৰ্ক কৰি দি ফোনতে সকলো হৈ যাব বুলি আশ্বাস দিয়া হয় । ব‍্যক্তিগৰাকীয়ে বিশ্বাসত লৈ তেওঁৰ বেংকৰ সমস্ত তথ্য ফোনতে হেকাৰক যোগান ধৰে । অৱশেষত ৩১ বাৰকৈ গ্ৰাহক গৰাকীৰ একাউণ্টৰ পৰা সৰ্বমুঠ 24 লাখ টকা সৰকাই নিবলৈ সক্ষম হয় হেকাৰে ।

পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে গ্ৰাহকগৰাকীয়ে আৰক্ষী তথা বেংক কৰ্তৃপক্ষৰ ওচৰ চাপে । সমগ্ৰ জীৱনৰ সাঁচতীয়া ধন এনেদৰে হেৰুৱাই ভাগি পৰিছে বিএছএনএলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তী আৰু পত্নী ।

লগতে পঢ়ক: যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.