ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই জুৰুলা কৰিছে সাধাৰণ ৰাইজক ৷ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএমে ৷

cpim protest against price rise at rangia
মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ
author img

By

Published : Jul 19, 2021, 7:03 PM IST

ৰঙিয়া, 19 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে এতিয়া সৰ্বসাধাৰণ ৰাইজক ৷ এই আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে চিপিআইএমৰ দলীয় কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ৰঙিয়া চহৰতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

এফালে কাল কৰ’ণাৰ আতংক, আনফালে ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি বৃদ্ধি পাবলৈ ধৰিছে সামগ্ৰীৰ মূল্য ৷ আনফালে, আকৌ পেট্ৰ'ল-ডিজেলৰ মূল্যই চুইছে গৈ শতৰক ঘৰ ৷

যাক লৈ এতিয়া ত্ৰাহি মধুসুদন সুঁৱৰিছে সাধাৰণ ৰাইজে ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত সোমবাৰে ৰঙিয়াত প্ৰতিবাদত বহিল চিপিআইএম(CPIM) ৷ চিপিআইএমৰ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ তুলি চৰকাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে প্ৰতিবাদকাৰীয়ে ৰোধত যোগান বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন কৰে ৷

মূল্যবৃদ্ধি ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । বিজেপি চৰকাৰখনে বনিয়াক বৰপীৰা পাৰি দি সৰ্বসাধাৰণ ৰাইজক মূল্যবৃদ্ধিৰে মাধমাৰ সোধাইছে বুলি ক্ষোভ উজাৰে প্ৰতিবাদী চিপিআইএমৰ সদস্য সকলে । লগতে পুঁজিপতিৰ আগত আঁঠু লোৱা চৰকাৰখনে সাধাৰণ মানুহৰ জীৱনক লৈ কোনো চিন্তা নাই কৰা বুলি ক্ষুদ্ধ হৈ পৰে চিপিআইএমৰ কৰ্মীসকল । উল্লেখ্য যে, চিপিআইএম(CPIM)ৰ এই প্ৰতিবাদৰ সময়চোৱাত ৰঙিয়া নগৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ।

লগতে পঢ়ক: মূল্যবৃদ্ধি আৰু প্ৰাপ্য মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.