ETV Bharat / state

বানপানীৰ সুযোগ লৈ চন্দ্রপুৰত সক্ৰিয় হৈছে গৰু চোৰৰ চক্ৰ

author img

By

Published : Sep 3, 2021, 3:53 PM IST

অবৈধ গৰু সৰৱৰাহৰ তথা ব্যৱসায় ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ মাজতে ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈছে গৰু চোৰৰ চক্ৰ ৷ ৰাজ্যৰ বিভিন্ন স্থানত সন্ত্ৰাস সৃষ্টি কৰিছে এই চক্ৰটোৱে ৷

cow-thief-cycle-active-in-chandrapur-taking-advantage-of-floods
বানপানীৰ সুযোগ লৈ চন্দ্রপুৰত সক্ৰিয় হৈছে গৰু চোৰৰ চক্ৰ

গুৱাহাটী,3 ছেপ্টেম্বৰ: চৰকাৰে গো-সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে ঠিকেই; কিন্তু ৰাজ্যত অব্যাহত থকা গৰু চুৰি চক্ৰৰ দৌৰাত্ম ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী-প্ৰশাসন ৷ ভদিয়া বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত কালৰূপ ধাৰণ কৰি চহা তথা কৃষিজীৱী লোকৰ জীৱন-জীৱিকাৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলোৱাৰ সময়তে এতিয়া বানপানীৰ সুযোগ লৈ ৰাজ্যত পুনৰ সক্ৰিয় হৈ পৰিছে গৰু চুৰি চক্ৰ ৷ গৰু চুৰি চক্ৰৰ কৱলত পৰিছে নিমিষতে থানবান হৈ পৰিছে কৃষিজীৱী পৰিয়ালৰ সপোন তথা ভৱিষ্যত ৷

বৃহস্পতিবাৰে নিশা তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চন্দ্ৰপুৰ বাগিছা গাঁৱত ৷ এটি পৰিয়ালৰ 7 জনী গাই আৰু 3 টা দমৰা গৰুৰ লগতে আন এটি পৰিয়ালৰ এজনী গাই গৰু সহ মুঠ 11 টা গৰু গোহালিৰ পৰাই চোৰে লৈ যায় ৷ ভুক্তভোগী গো-পালকৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ডেৰ মান বজাত হঠাৎ গৰুৰ হেম্বেলনীৰ শব্দ শুনি গৃহস্থই সাৰ পাই আৰু খালী গোহালি প্ৰত্যক্ষ কৰে ৷

লগে লগে গৃহস্থই বিচাৰ খোচাৰ কৰাত চন্দ্ৰপুৰৰ কলং সুঁতিৰ পাৰৰ সুঁতিৰ গঢ়াত গৰু নমোৱা চিন প্ৰত্যক্ষ কৰে ৷ এই দৃশ্য চাই পৰিয়াল কেইটাই অনুমান কৰে যে, কোনো যন্ত্ৰচালিত নাৱেৰে গৰু চুৰি চক্ৰই গৰু কেইটা কলং সুঁতি হৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে লৈ গৈছে ৷

ইয়াৰ পিছতেই স্থানীয় একাংশ লোকে ব্ৰহ্মপুত্ৰত এখন যন্ত্ৰচালিত নাও প্ৰত্যক্ষ কৰে যদিও তেওঁলোকৰ নাও নোহোৱা হেতু উক্ত নাও খন ধৰিবলৈ সক্ষম নহল ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ওচৰতে থকা ব্ৰহ্মপুত্ৰৰ চাপৰিৰ লোকক খবৰ দিয়াত চাপৰিৰ লোকে নাও লৈ বিচাৰি যায় যদিও বাঢ়নী পানীৰ সোঁতত প্ৰত্যক্ষ কৰা যন্ত্ৰচালিত নাওঁখন বহু দূৰলৈ ভটিয়াই যায় ৷

অৱশ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী গো-পালকসকলে শুকুৰবাৰে পুৱাৰ ভাগত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাক অৱগত কৰে যদিও বাতৰি লিখাৰ পৰলৈ চুৰি গো-ধনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে ৷

লগতে পঢ়কঃ বিপদসংকুলভাৱে নাৱেৰে কৰ্তব্য পালন বনকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.