আজাৰা, 3 ডিচেম্বৰ : দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহত অব্যাহত আছে গৰুৰ চোৰাং বেহা । প্ৰতি নিশাই এই পশুধন বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে বুলিও বহুদিনীয়া অভিযোগ উত্থাপন হৈছে ।
ইয়াৰ সমান্তৰালকৈ মঙলবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে দহটা গৰু কঢ়িয়াই নিয়া AS-01-FC-3554 নম্বৰৰ এখন পিক আপ ভান জব্দ কৰিবলৈ সক্ষম হয় ৷ বকোৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বাহনখন জব্দ কৰাৰ লগতে বকো মহাবীৰ পথাৰৰ মহিদুল ইছলাম আৰু বৰ আৰিকাটীৰ ৰমজান খান নামৰ দুই গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 1185/20 নম্বৰত গোচৰ ৰুজু কৰি দুই গৰু চোৰক জেৰা অব্যাহত ৰাখিছে । গৰু চোৰ দুটা বৃহৎ গৰুৰ চোৰাং বেহা চলোৱা চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । লগতে এই পশুধনসমূহ গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰা বুলি সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক : ডুমডুমাত বাহনত লুটপাত চাৰিজনীয়া ডকাইতৰ দলৰ