ETV Bharat / state

ক'ভিড-১৯: আদালত বন্ধৰ বাবে আৰ্থিক সংকটত অধিবক্তা, ভেণ্ডৰ

ক'ভিড (COVID-19) সৃষ্ট পৰিস্থিতিত স্তব্ধ জন-জীৱন ৷ ব্যৱসায়-বাণিজ্য সকলোতে পৰিছে প্ৰভাৱ ৷ সমান্তৰালভাৱে প্ৰভাৱ পৰিছে আদালতৰ কাম-কাজত ৷ সংকটত এতিয়া অধিবক্তাকে ধৰি তৰণি, ভেণ্ডৰ সকলো ৷

আৰ্থিক সংকটৰ মাজত এতিয়া ভেণ্ডৰ-তৰণি সকল

author img

By

Published : Jun 1, 2021, 7:17 PM IST

Updated : Jun 1, 2021, 7:25 PM IST

ৰঙিয়া, 1 জুন : ক'ভিড (COVID-19) ৰ বাবে আদালতৰ কাম-কাজ বন্ধ হৈ থকাত গভীৰ সংকটত পৰিছে অধিবক্তা আৰু তৰণি সকল । যোৱা বছৰ ক'ভিডৰ প্ৰথমটো ঢৌত অধিকাংশ সময় আদালতৰ কাম-কাজ বন্ধ হৈ থকাৰ পিছত এইবাৰ ক'ভিডৰ (COVID-19) দ্বিতীয় ঢৌৰ বাবে আদালত পুনৰাই বন্ধ হৈ পৰাত অধিবক্তা আৰু তৰণি সকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ।

ৰাজ্যৰ বিভিন্ন আদালত সমূহৰ দৰে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত ওকালতিৰে জীৱিকা নিৰ্বাহ কৰা প্ৰায় ২০০ অধিবক্তাৰ বিশেষকৈ কনিষ্ঠ অধিবক্তা সকলৰ অৱস্থা একেবাৰেই শোচনীয় হৈ পৰিছে । তদুপৰি আদালতৰ বিভিন্ন প্ৰ-পত্ৰ পূৰণ কৰা তৰণি সকলৰ লগতে দলিল আৰু ষ্টাম্প পেপাৰ বিক্ৰী কৰাৰ ভেণ্ডৰ সকলৰো অৱস্থা বৰ্তমান একেবাৰে শোচনীয় ।

আৰ্থিক সংকটৰ মাজত এতিয়া ভেণ্ডৰ-তৰণি সকল

আদালতলৈ বিভিন্ন কামত অহা লোকৰ ওপৰতে নিৰ্ভৰশীল এইসকলে এতিয়া পৰিয়াল চলাবলৈ ভাবিলগীয়া হৈছে বহুবাৰ । বিশেষকৈ ৰঙিয়াৰ ২৫ গৰাকী তৰণিৰ লগতে কেবাগৰাকী ভেণ্ডৰৰ উপাৰ্জন বন্ধ হৈ পৰাত তেওঁলোকৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে ।

কোনোধৰণৰ চৰকাৰী সা-সুবিধা নোপোৱা এইসকল ব্যক্তিয়ে ক'ৰণা কালত নামি অহা দুৰ্যোগৰ ফলত উপাৰ্জনহীন হৈ পৰিছে ৷ ফলত অন্য কোনো উপায় নথকাত এতিয়া সাহাৰ্যৰ বাবে চৰকাৰলৈ বাট চাই ৰৈছে । আদালতৰ কাম-কাজ সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ নোহোৱালৈকে অধিবক্তা, তৰণি আৰু ভেণ্ডৰ সকলে যাতে কোনোমতে হ'লেও চলিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।

লগতে পঢ়ক: বৰপেটা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ডুবাৰু প্ৰশিক্ষণ

Last Updated : Jun 1, 2021, 7:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.