ETV Bharat / state

ছয়গাঁৱত চৰকাৰী সাহাৰ্যৰ নামত অনিয়মৰ অভিযোগ - মইনুল হক

দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিত দুখীয়া লোকৰ বাবে চৰকাৰে প্ৰদান কৰা সাহাৰ্যৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে ।

corruption on govt scheme in chaygaon
corruption on govt scheme in chaygaon
author img

By

Published : Apr 11, 2020, 4:03 PM IST

ছয়গাঁও, 11 এপ্ৰিলঃ লক ডাউনৰ সময়চোৱাত চৰকাৰে দুখীয়া লোকৰ সহায়ৰ বাবে প্ৰদান কৰা আঁচনিসমূহৰ নামত উত্থাপন হৈছে ব্যাপক অনিয়মৰ অভিযোগ । দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিত ৰেচন কাৰ্ড নথকা দুখীয়া লোকক, পঞ্চায়তৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা এহেজাৰ টকাৰ সলনি ৫০০ টকাহে আদায় দিছে বুলি অভিযোগ উত্থাপন হৈছে । ইয়াৰোপৰি পঞ্চায়তৰ প্ৰতিনিধি সকলে ৰেচন কাৰ্ড থকা আত্মীয় লোকক সেই টকা প্ৰদান কৰা বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ হাতীশলা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰচিদা আহমেদ আৰু হাতীপাৰাৰ গাঁও পঞ্চায়তৰ সভাপতি মইনুল হকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । ইতিমধ্যে দুয়োগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ।

ছয়গাঁৱত চৰকাৰী সাহাৰ্যৰ নামত অনিয়মৰ অভিযোগ

লগতে পঢ়কঃ গোলাঘাটৰ শগুনপাৰাত শাক-পাচলিৰ খেতি পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.