ETV Bharat / state

বিদ্যালয়ত খেলৰ সামগ্ৰী প্ৰদানৰ নামত চলিছে নেকি কমিচনৰ অংক ? - শিক্ষা বিষয়া

বিদ্যালয়ত খেলৰ সামগ্ৰী প্ৰদানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিম্নমানৰ সামগ্ৰী দি বিদ্যালয়ৰ পৰা সংগ্ৰহ চেক ৷ নিৰ্ধাৰিত প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয়ৰ বাবে নিৰ্দেশ প্ৰধান শিক্ষকলৈ ৷ কমিচনৰ অংকত জড়িত হৈছে নেকি শিক্ষা বিষয়া ?

Corruption in distribution of student sports materials
খেলৰ সামগ্ৰীৰ নামত কি কি দিয়া হৈছে বিদ্যালয়ত ?
author img

By

Published : Jul 14, 2021, 9:02 PM IST

বকো, 14 জুলাই : ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে খেলৰ সামগ্ৰী ক্ৰয় কৰাৰ নামত বিদ্যালয়ত আৱণ্টন দিয়া পুঁজিৰ ব্যয়ত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নিম্নমানৰ খেলৰ সামগ্ৰী প্ৰদান কৰি বিদ্যালয়ৰ পৰা কৌশলেৰে সৰকাই নিছে আৱণ্টিত ধন । শিক্ষা বিষয়া, গাণনিক বিষয়াৰ নিৰ্দেশত প্ৰধান শিক্ষকে নিৰ্ধাৰিত প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে ।

জানিব পৰা মতে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ Whats app গ্ৰুপত দিয়া হৈছে এটা নিৰ্দশনা । নিৰ্দেশনাটো প্ৰেৰণ কৰিছে গাণনিক বিষয়া কিশোৰ কুমাৰ বৈশ্যই । বিষয়া গৰাকীৰ নিৰ্দেশ অনুসৰি CHAMPION SPORTS, GUWAHATI নামৰ প্ৰতিষ্ঠানখনৰ পৰা বিদ্যালয়ৰ খেলৰ সামগ্ৰী ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে কামৰূপ জিলাৰ ২৯০ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক ।

খেলৰ সামগ্ৰীৰ নামত কি কি দিয়া হৈছে বিদ্যালয়ত ?

বকোৰ কেইখনমান বিদ্যালয়ত ইতিমধ্যে খেলৰ সামগ্ৰী প্ৰদান কৰা হৈছে CHAMPION SPORTS ৰ জৰিয়তে । অভিযোগ অনুসৰি ৮/৯ হাজাৰ টকাৰ খেলৰ সামগ্ৰী দি বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিছে ২৫ হাজাৰ টকাৰ চেক ।

নিয়মমতে বিদ্যালয়ৰ সুবিধা অনুযায়ী প্ৰয়োজনীয় খেলৰ সামগ্ৰী ক্ৰয় কৰাৰ দায়িত্ব দিব লাগে বিদ্যালয়ৰ পৰিচালনা সমিতিক ৷ কিন্তু ইয়াৰ বিপৰীতে কৌশলগতভাৱে নিৰ্ধাৰিত প্ৰতিষ্ঠানৰ পৰা খেলৰ সামগ্ৰী ক্ৰয় কৰি বিদ্যালয়ত যোগান ধৰা বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ শিক্ষা ক্ষেত্ৰখনক সময়োপযোগী কৰি আগুৱাই নিবলৈ সংকল্পবদ্ধ হোৱা ৰাজ্যৰ শিক্ষা বিভাগে এই বিষয় কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক: এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.