ETV Bharat / state

কৰ’ণা ভাইৰাছকলৈ তৎপৰ শিঙিমাৰি আদৰ্শ চিকিৎসালয় - ডাঃ এন. এচ. তিষয়ে

কৰ’ণা ভাইৰাছকলৈ কামৰূপ জিলা স্বাস্থ্য বিভাগৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৷ কামৰূপৰ জিলাৰ 12 খন ব্ল’ক পঞ্চায়ত হাস্পতালতেই চিকিৎসক,নাৰ্ছকে ধৰি সাজু কৰি ৰখা হৈছে চিকিৎসকৰ দল ৷

Coronavirus Precution taken by Kamrup Health Dept
কৰ’ণা ভাইৰাছকলৈ তৎপৰ শিঙিমাৰি আদৰ্শ চিকিৎসালয়
author img

By

Published : Mar 16, 2020, 10:36 AM IST

কামৰূপ, 16 মাৰ্চ: কৰ’ণা ভাইৰাছৰ লৈ সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে আতংক । চীনৰ পৰা ক্ৰমে কেইবাখনো দেশলৈ সংক্ৰমণ হোৱা এই ভাইৰাছৰ ফলত ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি কেইবা হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে । ইৰাণ,জাৰ্মানী,ইটালী,দক্ষিণ কোৰিয়া,চীন আদি দেশত কৰ’ণা ভাইৰাছে এতিয়াও ধাৰণ কৰি আছে সংহাৰী ৰূপ ।

শিঙিমাৰি আদৰ্শ চিকিৎসালয়
শিঙিমাৰি আদৰ্শ চিকিৎসালয়

এতিয়ালৈ ভাৰতত কৰ’ণা ভাইৰাছত দুজন লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে । আনহাতে ভাৰতৰ মহাৰাষ্ট্ৰ,কেৰালা,দিল্লী, হাৰিয়ানা,ধৰি বিভিন্ন ৰাজ্যত আটাইতকৈ বেছি লোক এই ৰোগত আক্ৰান্ত হৈছে । ইফালে অসমৰো ভিন্ন প্ৰান্তত বিৰাজ কৰিছে কৰ’ণা ভাইৰাছৰ আতংক । যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কামৰূপ জিলা স্বাস্থ্য বিভাগে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে কামৰূপৰ জিলাৰ 12 খন ব্ল’ক পঞ্চায়তৰ দক্ষিণ কামৰূপৰ বকো,নগৰবেৰা,ৰামপুৰ, ছয়গাও,আজাৰা,উপৰহালি আৰু উত্তৰ কামৰূপৰ কামলপুৰ,ৰঙিয়া,বিহদিয়া,উত্তৰ গুৱাহাটী,হাজো,শুৱালকুছি এই আটাইকেইখন হাস্পতালতেই চিকিৎসক, নাৰ্ছকে ধৰি সাজু কৰি ৰখা হৈছে চিকিৎসকৰ দল ।

কৰ’ণা ভাইৰাছকলৈ তৎপৰ শিঙিমাৰি আদৰ্শ চিকিৎসালয়

আনহাতে কামৰূপৰ এই বিশেষ হাস্পতাল শিঙিমাৰি আদৰ্শ চিকিৎসালয়ত বৰ্তমান 20 খন বিছনা যুক্ত চিকিৎসালয়খনত কোনো লোক যদিহে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰে তেন্তে তেনে ৰোগীক 28 দিনৰ বাবে জৰুৰীকালীন চিকিৎসা দিয়া হ’ব। তাৰ বাবে চিকিৎসালয়খনত সাজু কৰি ৰখা হৈছে কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ যাৱতীয় ব্যৱস্থা ৷ ইপিনে সকলো ৰাইজকো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে কামৰূপ জিলা যুটীয়া সঞ্চালক স্বাস্থ্য বিভাগ ডাঃ এন. এচ. তিষয়ে ।

লগতে চাওক- 110 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.