ETV Bharat / state

ৰঙিয়াৰ নাথ চুপা গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

author img

By

Published : May 23, 2021, 12:49 PM IST

ৰঙিয়াৰ নিজ বড়িগোগৰ নাথ চুপা গাঁৱক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ । শনিবাৰৰ পৰা বলৱৎ হোৱাকৈ উক্ত গাঁৱখন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

ৰঙিয়াৰ নাথ চুপা গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা
ৰঙিয়াৰ নাথ চুপা গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ৰঙিয়া,২৩ মে': কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়াত মহামাৰী কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে । ৰঙিয়াত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ৰঙিয়াৰ নিজ বড়িগোগৰ নাথ চুপা গাঁৱত শেহতীয়া সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনগণৰ সুস্বাস্থ্য ৰক্ষা কৰাৰ স্বাৰ্থত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । শনিবাৰৰ পৰা বলৱৎ হোৱাকৈ উক্ত গাঁৱখন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

ইতিমধ্যে প্ৰশাসনে অঞ্চলটোৰ সোমোৱা পথত বাঁহ বান্ধি যাতায়াত বন্ধ কৰি দিয়ে । লগতে অঞ্চলটো ছেনিটাইজ কৰাৰো ব‍্যৱস্থা কৰে । ইফালে, অঞ্চলটোৰ এগৰাকী লোকে মহামাৰীৰ ফলত প্ৰাণ হেৰুৱাইছে ।

উল্লেখ্য যে, ৰঙিয়াত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যাই ৮০৫ গৰাকী অতিক্ৰম কৰিলে । তাৰ পিছতো সজাগ নহয় ৰঙিয়াৰ একাংশ লোক ।

লগতে পঢ়ক: আজি অসম পাবহি অক্সিজেন কঢ়িওৱা বিশেষ ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.