ETV Bharat / state

কৃষি আইন :বিপক্ষে আৰু সপক্ষে পৃথকে পৃথকে দুটা অনুষ্ঠান

author img

By

Published : Oct 10, 2020, 6:27 PM IST

দক্ষিণ কামৰূপত কৃষি আইনৰ বিপক্ষে আৰু সপক্ষে পৃথকে পৃথকে দুটা অনুষ্ঠান অনুষ্ঠিত হয় শনিবাৰে।

কৃষি আইন :বিপক্ষে আৰু সপক্ষে পৃথকে পৃথকে দুটা অনুষ্ঠান
কৃষি আইন :বিপক্ষে আৰু সপক্ষে পৃথকে পৃথকে দুটা অনুষ্ঠান

দক্ষিণ কামৰূপ : উল্লেখযোগ্য যে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ লগতে কংগ্ৰেছেও কৃষি আইন 2020ৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । ঠিক একেদৰে বিভিন্ন প্ৰান্তৰ দৰে কামৰূপ জিলাৰ ৰামপুৰ ব্লক কংগ্ৰেছৰ সদস্য সকলেও এই কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

দক্ষিণ কামৰূপৰ উপৰহালীত শনিবাৰে কংগ্ৰেছৰ উদ্যোগত এক ৰেলী উলিয়াই কৃষি আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে এক প্ৰতিবাদ । উক্ত প্ৰতিবাদী কাৰ্যসূচীত দলৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।
আনহাতে, একেটা দিনতে প্ৰতিবাদী কাৰ্যসূচীৰ নাতিদুৰতে বিজেপিয়ে কৃষি আইনৰ সপক্ষে অনুষ্ঠিত কৰে এখন সংবাদ মেল । কৃষি আইনৰ সপক্ষে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সদস্য সকলে বাটৰহাটস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰে এই সংবাদ মেলৰ । এই সংবাদ মেলতে কৃষি আইন ২০২০ৰ বিৰোধিতা কৰি অহা বিৰোধী দল সমুহক কঠোৰ ভাষাৰে সমলোচনা কৰে দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে ।

তাৰোপৰি এই সংবাদ মেলতে কৃষি আইন ২০২০ৰ জড়িয়তে অসমৰ চহা খেতিয়ক সকল কিদৰে লাভাম্বিত হ'ব এই বিষয়েও অৱগত কৰে বিজেপি সদস্য সকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.