ETV Bharat / state

হিমন্তক ওফৰাবলৈ পাৰিবনে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে ?

author img

By

Published : Apr 6, 2021, 6:11 PM IST

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা সমষ্টি হ’ল জালুকবাৰী সমষ্টি ৷ য’ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ প্ৰতাপী নেতা হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰৰ ভোট গ্ৰহণৰ সময়ত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল আমিনগাঁও ৰে’লৱে হাইস্কুলৰ ভোটকেন্দ্ৰ ৷

Slug-Amingaon Congress candidate Ramen barthakur

বাইহাটা,6 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা সমষ্টি হ’ল জালুকবাৰী সমষ্টি ৷ য’ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ প্ৰতাপী নেতা হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰৰ ভোট গ্ৰহণৰ সময়ত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল আমিনগাঁও ৰে’লৱে হাইস্কুলৰ ভোটকেন্দ্ৰ ৷ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল সহিতে ভোটকেন্দ্ৰটোত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল হিমন্ত বিশ্ব শৰ্মা ৷ ৰাইজৰ লগতে সংবাদ মাধ্যমেও আগুৰি ধৰিলে হিমন্ত বিশ্ব শৰ্মাক ৷ বহুতৰে লৰা-ধপৰা লাগিল হিমন্ত বিশ্ব শৰ্মাৰ লগত ছেলফি উঠাৰ বাবে ৷

আনহাতে, একেটা ভোটকেন্দ্ৰতে দেখা গ’ল কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰকো ৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী নেতাৰ সৈতে যুঁজ দিয়া ৰমেন বৰঠাকুৰে বাৰুকৈয়ে সমালোচনা কৰে বিজেপি প্ৰাৰ্থী শৰ্মাক ৷ তেওঁৰ মতে এইবাৰ জালুকবাৰী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই ৷

হিমন্তক ওফৰাবলৈ পাৰিবনে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে ?

নিজকে ৱান মেন শ্ব’ বুলি উল্লেখ কৰি ৰমেন বৰঠাকুৰে কয় যে, মহাজোঁটে ৭০ খন আসন দখলেৰে চৰকাৰ গঠন কৰিব ৷ তদুপৰি হিমন্ত বিশ্ব শৰ্মাক ভিন্ন ধৰণে প্ৰত্যাহ্বানো জনাই ৰমেন বৰঠাকুৰে ৷ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ নিৰ্বাচনী সভাত সপৰিয়ালে ৰাইজৰ ওচৰত আঁঠু লোৱা কাৰ্যকো সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ৷ তেওঁ কয় যে, এয়া কোনো সেৱা-সকাম নহয়, নিৰ্বাচনী সভাহে ৷

স্বাভাৱিকতে এক প্ৰশ্ন উত্থাপন হয় যে, কংগ্ৰেছৰ অন্য কোনো নেতা নাছিল নেকি জালুকবাৰীত প্ৰক্ষেপ কৰিব পৰাকৈ ? কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ দৰে প্ৰতাপী নেতাৰ বিৰুদ্ধে প্ৰত্যাহ্বান আনিব পাৰিব নে ৰমেন বৰঠাকুৰে ? ইয়াৰ বাবে বাট চাব লাগিব 2 মে’লৈ ৷

লগতে পঢ়ক: তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.