ৰঙিয়া,5 জানুৱাৰী: ৰঙিয়াত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী সংঘাত ৷ বিজেপিৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য ডাঃ প্ৰাঞ্জল ভৰালীৰ ফটো সম্বলিত প’ষ্টাৰ আৰু হৰ্ডিং অচিনাক্ত দুৰ্বৃত্তই ফালি পেলোৱাক কেন্দ্ৰ কৰি এই ধাৰণা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সমাগত নিৰ্বাচনৰ টিকট প্ৰত্যাশী বিজেপি নেতাগৰাকীয়ে ৰাইজক উদ্দেশ্যি নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাবলৈ ৰঙিয়াৰ ভিন্ন প্ৰান্তত আঁৰি দিছিল প’ষ্টাৰৰ লগতে কিছুসংখ্যক হৰ্ডিং ৷ কিছুদিন পূৰ্বে আঁৰি দিয়া এই প’ষ্টাৰসমূহ সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই ফালি পেলায় ৷ এই ঘটনাই ৰঙিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷
উল্লেখ্য যে, ২০০৬ চনত ৰঙিয়া সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাঞ্জল ভৰালীয়ে এই হৰ্ডিঙৰ জৰিয়তে পৰোক্ষভাৱে নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচৰাৰ ইংগিত দিছিল ৷ ভৰালীৰ এই কাৰ্যত ক্ষোভিত হৈ কোনো দলীয় নাইবা বিৰোধী কৰ্মীয়ে এনে কু-কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷
উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৰালীয়ে কয় যে, প্ৰকৃত দলীয় নেতা-কৰ্মী হ’লে এনে কাৰ্য কৰাতো অস্বাভাৱিক ৷ সেয়ে কোনো দুৰ্বৃত্তই এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে গেৰুৱা দলটোৰ নেতাগৰাকীয়ে ৷ এই কাৰ্য অত্যন্ত দুখদায়ক বুলি অভিহিত কৰি প্ৰাঞ্জল ভৰালীয়ে ঘটনা সম্পৰ্কে দলটোৰ শীৰ্ষ নেতৃবৃন্দক অৱগত কৰে ৷
ইফালে, বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ ঘাটি হিচাপে পৰিচিত ৰঙিয়াত সমাগত বিধানসভা নিৰ্বাচনত প্ৰাঞ্জল ভৰালীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা কাৰ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰঙিয়াৰ ৰাজনৈতিক মহলত ৷ সেয়ে পৰৱৰ্তী নিৰ্বাচনত এই সমষ্টিৰ পৰা কোনে নিৰ্বাচনী টিকট লাভ কৰি ৰণত নামি সমষ্টি দখল কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ৷
লগতে চাওকঃ পানবজাৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী