ETV Bharat / state

Maha Jansampark Abhiyan: ‘তিনি গগৈ’ক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM Himanta attends maha jan sampark abhiyan

আগন্তুক নিৰ্বাচনক লৈ অতুৎসাহী মুখ্যমন্ত্ৰী ৷ ‘সন্মুখৰ গ’ল পষ্ট আৰু গ’ল কিপাৰ নাই, যিমান মন যায় সিমান গ’ল দিম ৷ বিজেপিত থাকিলে সকলোৱে হাত দাঙে ৷’ দেওবাৰে জনসভাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

CM Himanta attends maha jan sampark abhiyan
মন ভৰি যোৱাকৈ গ’ল দিব মুখ্যমন্ত্ৰী
author img

By

Published : Jul 9, 2023, 5:12 PM IST

মন ভৰি যোৱাকৈ গ’ল দিব মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 9 জুলাই: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে অসম বিজেপি ৷ দেওবাৰে কামৰূপ জিলাৰ কমলপুৰৰ দুৰ্গা মন্দিৰ খেল পথাৰত এখন জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে এই জনসভা অনুষ্ঠিত কৰা হয় ৷ সভাত ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীৰ মুখত পুনৰ শুনিবলৈ পোৱা গ’ল ‘ৰাজনৈতিক গ’ল পোষ্ট, গ’ল কিপাৰ’ৰ প্ৰসংগ ৷

2024 চনৰ লোকসভা নিৰ্বাচনত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব উল্লেখ কৰি তেওঁ কয়, ‘‘আমি মঙলদৈ লোকসভা সমষ্টিতো জয় লাভ কৰিম; আমি য’তেই নিৰ্বাচন খেলিম তাতেই জিকিম, সন্মুখত গ’ল পষ্টো নাই আৰু গ’ল কিপাৰো নাই; যিমান মন যায় সিমান গ’ল দিম ৷’’

ৰাজ্যৰ ৰাজনীতিত ‘তিনি গগৈ’ক লৈ চলি থকা চৰ্চাৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷ তেওঁ কয়, ‘‘ কেইদিনমান পূৰ্বে শিৱসাগৰত তিনিজন গগৈয়ে হাত উঠাইছে, আমাৰ বিজেপিত গগৈয়েও হাত উঠাই, বুঢ়াগোহাঁইয়েও হাত উঠায়, সন্দিকৈয়েও হাত উঠায়, কোচ ৰাজবংশীও হাত উঠায়, আমাৰ বিজেপিত সকলো জাতিয়ে একেলগে হাত উঠায় ৷’’ বিজেপিৰ মঞ্চৰ পৰাই বৃহৎত্তৰ অসমীয়া জাতি গঠন কৰিছো বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লাচিত বৰফুকৰ 400 বছৰীয়া জন্ম জয়ন্তী, বিহুৰ বিশ্ব ৰেকৰ্ড গঢ়া আৰু ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় ,"বিজেপিয়ে অসমৰ সকলো পৰম্পৰাক জগত সভালৈ লৈ যোৱাৰ কাম কৰিছে ৷’’

বিগত দুটা বৰ্ষত বিজেপি চৰকাৰে অসমত কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰো খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ আৰু কয়, ‘‘ পূৰ্বে অসমত অপৰাধ কৰি অপৰাধী সাৰি গৈছিল ৷ এতিয়া অসমত অপৰাধ কৰি সাৰি যাব নোৱাৰে ৷ পলালে গুলী খাব, গ্ৰেপ্তাৰ হ’লে জে’ল আৰু ফাঁচি হ’ব সেই কথা সকলোৱে এতিয়া বুজিব পাৰিছে ৷’’

অহা অক্টোবৰ মাহৰ ভিতৰত ৰাজ্যৰ যিসকল লোকৰ ৰেচন কাৰ্ড নাই, সেই লোকসকলক ৰেচন কাৰ্ড দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক:Bullets seized : ৰঙিয়া ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী; গ্ৰেপ্তাৰ এজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.